ETV Bharat / state

বিটিচি নিৰ্বাচন প্ৰচাৰকলৈ উত্তৰ-পূৱ সংখ্যালঘু ছাত্ৰ সন্থাৰ সংবাদমেল

author img

By

Published : Jun 17, 2020, 10:25 PM IST

Updated : Jun 17, 2020, 11:41 PM IST

ৰাজনৈতিক দলসমূহ সামাজিক দূৰত্ব ৰক্ষা নকৰি আৰু মাক্স নিপিন্ধাকৈ প্ৰচাৰ চলোৱাৰ অভিযোগ সংখ্যালঘু ছাত্ৰ সন্থাৰ । বুধবাৰে সংবাদমেল আয়োজন কৰি উত্তৰ-পূৱ সংখ্যালঘু ছাত্ৰ সন্থাই প্ৰকাশ কৰে এই কথা ।

বিটিচি নিৰ্বাচন প্ৰচাৰকলৈ উত্তৰ-পূব সংখ্যালঘু ছাত্ৰ সন্থা সংবাদ মেল
বিটিচি নিৰ্বাচন প্ৰচাৰকলৈ উত্তৰ-পূব সংখ্যালঘু ছাত্ৰ সন্থা সংবাদ মেল

কোকৰাঝাৰ, 17 জুনঃ বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও মহামাৰী কৰ'ণাৰ আতংকৰ মাজতো বড়ো ভূমিত বিটিচি নিৰ্বাচনী প্ৰচাৰ ঠায়ে ঠায়ে অব্যাহত ৰাখিছে বিভিন্ন দলে । ইপিনে এই প্ৰচাৰ অভিযানত মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দুৰত্ব মানি নচলাৰো অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ কৰিয়েই উত্তৰ-পূৱ সংখ্যালঘু ছাত্ৰ সংস্থা চমুকৈ নেমছুয়ে বুধবাৰে আয়োজন কৰে এক সংবাদমেল ।

বুধবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত উত্তৰ-পূৱ সংখ্যালঘু ছাত্ৰ সংস্থা চমুকৈ নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে কয় যে দেশত #unlock-1 হোৱাৰ পিছৰ পৰা বিটিচি নিৰ্বাচনক লৈ বিভিন্ন ৰাজনীতিক দলসমূহ উঠি পৰি লাগিছে । মহামাৰী ৰোগ ক'ৰণা ভাইৰাছ আতংকক নেওচি গাঁৱে গাঁৱে প্ৰচাৰ চলাবলৈ ধৰিছে ৰাজনীতিক দলসমূহে । কিন্তু এই প্ৰচাৰৰ সময় চোৱাত কোনো ৰাজনীতিক দল-সংগঠনে চৰকাৰে দিয়া নীতি নিয়ম যেনে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰখা আদি নিয়মক মানি চলা নাই,যাৰবাবে অতি ভয়ংকৰ ৰূপ ল'ব পাৰে ক'ৰণা সংক্ৰমণে ।

বিটিচি নিৰ্বাচন প্ৰচাৰকলৈ উত্তৰ-পূব সংখ্যালঘু ছাত্ৰ সন্থা সংবাদ মেল

আনহাতে ইয়াৰ ফলত অঞ্চলটোত ক'ৰণা সংক্ৰমণে ভয়ংকৰ ৰূপ ললে তাৰ বাবে ৰাজ্য নিৰ্বাচন আয়োগ জগৰীয়া হ'ব বুলি উল্লেখ কৰে সংগঠনটোৱে । উল্লেখ্য যে বিটিচি পৰিষদীয় নিৰ্বাচন যোৱা ৪ এপ্ৰিলত হোৱাৰ কথা আছিল যদিও মহামাৰী ক'ৰণা বাবে নিৰ্বাচন স্থগিত ৰাখিবলগা হৈছিল ৰাজ্যিক নিৰ্বাচন আয়োগে।

Last Updated : Jun 17, 2020, 11:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.