ETV Bharat / state

Land dispute case: যুৱকৰ মৃত্যুক লৈ উত্তাল কোকৰাঝাৰ সদৰ থানাৰ চৌহদ

author img

By

Published : Dec 30, 2022, 8:50 PM IST

কোকৰাঝাৰত টুনুপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি দুইপক্ষৰ মাজত সংঘৰ্ষ (Land dispute in Kokrajhar) ৷ শ্বাজিব শ্বেখ নামৰ এজন যুৱক নিহত হোৱাৰ লগতে দুয়োপক্ষৰে চাৰিগৰাকীকৈ লোক আহত ৷ ঘটনাৰ ন্যায় বিচাৰি কোকৰাঝাৰ সদৰ থানাত শ শ মহিলাৰ প্ৰতিবাদ ৷ হত্যাকাণ্ডৰে জড়িত দুই দোষীক আটক ৷

Land dispute case
যুৱকৰ মৃত্যুক লৈ উত্তাল কোকৰাঝাৰ সদৰ থানাৰ চৌহদ

যুৱকৰ মৃত্যুক লৈ উত্তাল কোকৰাঝাৰ সদৰ থানাৰ চৌহদ

কোকৰাঝাৰ, ৩০ ডিচেম্বৰ: কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী মোকৰাপাৰাৰ টুনুপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে দুটা পৰিয়ালৰ মাজত সৃষ্টি হয় প্ৰচণ্ড সংঘাতৰ (Land dispute in Kokrajhar) ৷ উক্ত সংঘাতৰ ফলত এজন যুৱকৰ নিহত হোৱাৰ লগতে আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয় ৷ নিহত যুৱকজনক শ্বজীব শ্বেখ (১৭) বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত বাতৰি মতে, টুনুপাৰা গাঁৱৰ মকবুল পাৰমানি আৰু মমিন শ্বেখে ২০/২২ বছৰ মান আগতে গাঁৱৰে ৰেজাকুল মণ্ডল আৰু তেওঁৰ ভনীয়েক ফাতিমা বিবিৰ পৰা ক্ৰমে একপুৰোকৈ আধা বিঘা মাটি ক্ৰয় কৰিছিল ৷ কিন্তু বিগত কেইবামাহৰ পৰা ৰেজাকুল আৰু তেওঁৰ ভনীয়েকে কেৱল একপোৰা মাটিহে বিক্ৰী কৰিছিল বুলি কৈ বাকী একপোৰা মাটি মকবুলৰ আৰু মমিনৰ পৰা ঘূৰাই বিচাৰিছিল ৷ তাৰ বিনিময়ত কিনাৰ টকা ঘূৰাই দিব বিচাৰিছিল (Land dispute case) ।

ইয়াকে লৈ দুয়োপক্ষৰ মাজত বিগত তিনি/চাৰিদিন ধৰি কাজিয়া হৈ আছিল ৷ আনকি বুধবাৰে এই ঘটনাক কেন্দ্ৰ কৰি গাঁওখনত এখন সভাও অনুষ্ঠিত হৈছিল আৰু গাঁৱৰ ৰাইজে এয়া অন্যায় বুলি উল্লেখ কৰি ক্ৰয় কৰা মাটি মোকবুলে এৰি দিয়াটো সম্ভৱ নহয় বুলি সকলোৱে মোকবুলৰ পক্ষে ৰায় দিছিল ৷

কিন্তু কালি অৰ্থাৎ বৃহস্পতিবাৰে পুৱাৰ ভাগত ৰেজাকুল আৰু তেওঁৰ ভনীয়েক ফাতিমাৰ পৰিয়ালে দা-কুঠাৰ, বাঁহ লৈ মকবুলৰ ঘৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি মাটিখিনিত বাঁহৰ জেওৰা দিবলৈ আৰম্ভ কৰে ৷ তেতিয়া মকবুলৰ পৰিয়ালে বাধা দিবলৈ যাওঁতে দুই পক্ষৰ মাজত সংঘৰ্ষ হয় । সংঘৰ্ষৰ ফলত মকবুলৰ ঘৰত সৰুৰে পৰা ডাঙৰ-দীঘল হোৱা ভাগিন শ্বাজিব শ্বেখ মূৰত আঘাতপ্ৰাপ্ত হৈ গুৰুতৰভাৱে আহত হোৱাৰ লগতে আন কেবাজনো আহত হয় ।

এই ঘটনাৰ পাছত শ্বাজিব শ্বেখক প্ৰথমতে বৰপেটা মডিকেল কলেজ আৰু তাৰপৰা জিএমচিলৈ প্ৰেৰণ কৰা হয় যদিও নিশা তেওঁৰ মৃত্যু হয় (One dead in Land dispute in Kokrajhar) । ইপিনে শ্বাজিবৰ মৃত্যুৰ বাতৰি বিয়লি পৰাৰ লগে লগে গাঁওখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰ নিশাই টুনুপাৰা গাঁৱৰ শতাধিক মহিলাই শ্বাজিব শ্বেখৰ হত্যাৰ ন্যায় বিচাৰি সমদল কৰি শ্ল’গান দি কোকৰাঝাৰ সদৰ থানা চৌহদত উপস্থিত হৈ ধৰ্ণা-প্ৰতিবাদেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে ।

ইয়াৰ পাছত আৰক্ষীয়ে মূল অভিযুক্ত ইমৰান শ্বাহ আৰু ৰেজাকুল মণ্ডলক আটক কৰা বুলি উল্লেখ কৰাত প্ৰতিবাদকাৰীসকল ক্ষান্ত হয় । সংঘৰ্ষত মকবুল পাৰামানবিক আৰু জয়ফুল বিবি নামৰ এগৰাকী মহিলাও আহত হৈ চিকিৎসাধীন হৈ আছে । ইপিনে আৰক্ষীয়ে আটক কৰা মূল অভিযুক্ত ইমৰান শ্বাহ আৰু ৰেজাকুল মণ্ডলো ভূমি বিবাদত আহত হৈ চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক: বৰপেটাত ভূমিকেন্দ্ৰিক সংঘাত : আহত ৬

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.