ETV Bharat / state

বৰপেটাত ভূমিকেন্দ্ৰিক সংঘাত : আহত ৬

author img

By

Published : Nov 18, 2019, 7:12 PM IST

বৰপেটাত ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত 6 জনকৈ লোক আহত হৈছে ৷ আহতসকলক চিকিৎসাৰ বাবে আলোপতি স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷

বৰপেটাত ভূমিকেন্দ্ৰিক সংঘাতত আহত 6 জন লোক

গোৱালপাৰা, 18 নৱেম্বৰ : গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী বৰপেটা জিলাৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত ভাতনাপাইতিত সংঘটিত হৈছে ভূমিকেন্দ্ৰিক সংঘাত ৷ একেটা পৰিয়ালৰে সদস্যৰ মাজত সংঘটিত সংঘাতৰ ফলত 6 জনকৈ পুৰুষ-মহিলা আহত হৈছে ৷ আহতসকল হৈছে ক্ৰমে, আব্দুৰ ৰহিম, হাচেন আলী, পণ্ডিত আলী, ছকিনা খাতুন, জয়ফুল নেচা আৰু ৰহিমন নেচা ৷ আহতসকলক আলোপতি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে যদিও উন্নত চিকিৎসাৰ বাবে পণ্ডিত আলী নামৰ লোকজনক গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷

বৰপেটাত ভূমিকেন্দ্ৰিক সংঘাত

দীৰ্ঘদিনীয়া এই বিবাদ মীমাংসাৰ বাবে আৰক্ষী থানাত কেইবাবাৰো পৰিয়ালৰ সদস্যসকলে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ আলোপতি আৰক্ষীৰ অৱহেলাৰ বাবেই মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ পৰিয়ালটোৰ ৷

আৰু পঢ়ক : মাস্ক পৰিধান কৰি প্ৰতিবাদত বহিল গৌৰৱ গগৈ

Intro:
Anchor:- গোৱালপাৰা জিলাৰ সীমান্তত ভাতনা পাইতি চৰত ভূমি কেন্দ্ৰিক সংঘাত।পুৰুষ-মহিলাসহ ৬ গৰাকীকৈ আহত।আহত সকলক প্ৰাথমিক শ্যাস্থ কেন্দ্ৰত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ।
Body:as_gol_18nov_802_land_clash_6_Injured_vis+byte_7203844.

Anchor:- গোৱালপাৰা জিলাৰ সীমান্তত ভাতনা পাইতি চৰত ভূমি কেন্দ্ৰিক সংঘাত।পুৰুষ-মহিলাসহ ৬ গৰাকীকৈ আহত।আহত সকলক প্ৰাথমিক শ্যাস্থ কেন্দ্ৰত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ।

V. O : গোৱালপাৰা জিলাৰ সীমান্তত থকা বৰপেটা জিলাৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত ভাতনাপাইতিত ভুমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হয় এক মাৰপিটৰ ঘটনা । এটা পৰিয়ালৰ মাজতে সংঘটিত হয় এই মাৰপিটৰ ঘটনা । মাৰপিটত ৬ গৰাকী পুৰুষ মহিলা আহত হয়। আহত সকল ক্ৰমেঃ আব্দুৰ ৰহিম, হাচেন আলী, পণ্ডিত আলী, ছকিনা খাতুন, জয়ফুল নেচা আৰু ৰহিমন নেচা। আহত সকলক আলোপতি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে পণ্ডিত আলীক GMCH লৈ প্ৰেৰণ কৰে। দীৰ্ঘদিনীয়া এই বিবাদ মিমাংসাৰ বাবে আৰক্ষী থানাত একাধিক এজাৰ দাখিল কৰা সত্বেও আৰক্ষীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ উঠিছে আলোপতি আৰক্ষীৰ বিৰুদ্ধে । আলোপতি আৰক্ষীৰ অৱহেলাৰ বাবেই মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী সকলে।

Byte : ভুক্তভোগী ।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।Conclusion:Byte : ভুক্তভোগী ।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.