ETV Bharat / state

কোকৰাঝাৰ উপায়ুক্ত বৰ্ণালী ডেকাক স্বৰ্ণ পদকৰে পুৰস্কৃত

author img

By

Published : Jan 9, 2022, 10:38 AM IST

শুকুৰবাৰে হায়দৰাবাদত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিঙে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই উদ্ভাৱন কৰা গ’লমাৰ্ট প্ৰকল্পৰ বাবে স্বৰ্ণ পদকৰে সন্মানিত কৰে (Kokrajhar DC Varnali Deka awarded gold medal for project goalmart) ।

Kokrajhar DC Barnali Deka awarded gold medal for project goalmart
ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকা

কোকৰাঝাৰ, 9 জানুৱাৰী : শুকুৰবাৰে হায়দৰাবাদত অনুষ্ঠিত ই-গভৰ্ণেন্স সম্পৰ্কীয় 24 সংখ্যক সন্মিলনত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিঙে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাক স্বৰ্ণ পদকৰে সন্মানিত কৰে । উপায়ুক্ত বৰ্ণালী ডেকাৰ অভিনৱ উদ্ভাৱনী প্ৰতিভা আৰু প্ৰকল্প গ'লমাৰ্ট-ডিজিটেল ৰূপান্তৰৰ বাবে সোণৰ পদক প্ৰদান কৰা হয় (Kokrajhar DC Varnali Deka awarded gold medal for project goalmart) ৷

গোৱালপাৰা জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত থকাৰ সময়ত বৰ্ণালী ডেকাক ভাৰত চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা আৰু পেঞ্চন মন্ত্ৰালয়ৰ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে প্ৰথম শ্ৰেণী শাখাৰ “Excellence in Government Process Re-engineering for Digital Transformation” ৰ শিতানত স্বৰ্ণ পদকৰ বাবে নিৰ্বাচিত কৰিছিল ৷ সেইমৰ্মে হায়দৰাবাদত আয়োজিত হোৱা ই-গভৰ্ণেন্স সম্পৰ্কীয় ২৪ সংখ্যক সন্মিলন (National e-governance Award ceremony) ত এই বঁটা প্ৰদান কৰা হয় ৷ বৰ্ণালী ডেকা সম্প্ৰতি কোকৰাঝাৰ জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত (Deputy Commissioner of Kokrajhar) ৷

Kokrajhar DC Barnali Deka awarded gold medal for project goalmart
ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকা

এই অনুষ্ঠানত উপায়ুক্ত বৰ্ণালী ডেকাই উদ্ভাৱন কৰা গ’লমাৰ্ট (GOALMART) প্ৰকল্পক UNDP য়ে প্ৰশংসা কৰাৰ লগতে ইয়াক উন্নয়নশীল দেশসমূহত প্ৰতিৰূপৰ যোগ্য হিচাপে বিবেচিত কৰে ৷ উপায়ুক্ত বৰ্ণালী ডেকাই উদ্ভাৱন কৰা এই গ’লমাৰ্ট হৈছে এখন সম্পূৰ্ণ ইলেক্ট্ৰনিক বজাৰ ৷ ইয়াৰ লক্ষ্য হৈছে স্থানীয় আত্ম-সহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ অনলাইনযোগে বিক্ৰী কৰিবলৈ এখন অনলাইন প্লেটফ’ৰ্ম গঢ়ি তোলা ৷

উপায়ুক্ত বৰ্ণালী ডেকাই উদ্ভাৱন কৰা গ’লমাৰ্ট ৰাজকোষৰ ধন ব্যয় নকৰাকৈয়ে ঘৰুৱাভাৱে পৰিচালিত কৰা হৈছিল ৷ যাৰ পৰিণতিতে উপায়ুক্তগৰাকীক সোণৰ পদকৰে সন্মানিত কৰা হয় । ইতিমধ্যে প্ৰশাসনিক দক্ষতাৰ লগতে বিভিন্ন ধৰণৰ সামাজিক কাম-কাজৰ বাবে জিলাখনত উপায়ুক্তগৰাকীয়ে জনপ্ৰিয়তা অৰ্জন কৰিছে । জিলাখনৰ উপায়ুক্তগৰাকীৰ এনে সফলতাৰ বাবে কোকৰাঝাৰবাসী আনন্দিত হৈ পৰিছে আৰু এনেধৰণৰ চমকপ্ৰদ উদ্ভাৱনৰ বাবে উপায়ুক্তগৰাকীক কোকৰাঝাৰবাসীয়ে অভিনন্দন জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক : শীঘ্ৰেই প্ৰকাশ পাব ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নৱতম গ্ৰন্থ 'মুখ্যমন্ত্ৰীৰ ডায়েৰী'

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.