ETV Bharat / state

DC Barnali Deka: দিল্লীত সোণৰ পদকেৰে উজলিল কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকা

author img

By

Published : Apr 21, 2023, 10:49 PM IST

Kokrajhar DC Barnali Deka honored in Delhi
দিল্লীত সন্মানিত কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকা

নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা ষোড়শ অসামৰিক সেৱা দিৱসৰ প্ৰদৰ্শনী অনুষ্ঠানত সন্মানিত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাক (Kokrajhar DC Barnali Deka honored in Delhi) ৷

কোকৰাঝাৰ, 21 এপ্ৰিল : আজি ষোড়শ অসামৰিক সেৱা দিৱস (16th Civil Services Day) ৷ অসামৰিক সেৱা দিৱসৰ উপলক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনত সমগ্ৰ দেশতে নিৰ্বাচিত শ্ৰেষ্ঠ পদক্ষেপসমূহৰ এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয় (Deputy Commissioner of Kokrajhar)।

এই কেন্দ্ৰীয় অসামৰিক সেৱা দিৱসৰ প্ৰদৰ্শনীত তেওঁলোকৰ প্ৰচেষ্টা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰা কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকা আছিল অসমৰ একমাত্ৰ বিষয়া ৷ সমগ্ৰ দেশৰ মুষ্টিমেয় কেইগৰাকীমান নিৰ্বাচিত বিষয়াৰ মাজৰ এগৰাকী উপাযুক্ত বৰ্ণালী ডেকা (Kokrajhar DC Barnali Deka honored in Delhi)।

2022 চনত প্ৰদান কৰা উদ্ভাৱন আৰু উচ্চাকাংক্ষী জিলাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা, 2020 কে ধৰি কেবাবাৰো বঁটা আৰু সন্মান লাভ কৰি বৰ্ণালী ডেকাই অসমলৈ সন্মান কঢ়িয়াই আনিছে । বিজ্ঞান ভৱনত দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে এই প্ৰদৰ্শনী অনুষ্ঠানৰ উদ্বোধন কৰে । কেন্দ্ৰীয় মন্ত্ৰী ড৹ জীতেন্দ্ৰ সিঙৰ লগতে কেবিনেট সচিব ৰাজীৱ গৌবা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে বৰ্ণালী ডেকাৰ সৈতে বাৰ্তালাপ কৰে ।

কেন্দ্ৰীয় অসামৰিক সেৱা দিৱস অনুষ্ঠানৰ অংশ হিচাপে আজিৰ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই অনুষ্ঠানটো প্ৰতি বছৰে দেশৰ সকলো অসামৰিক বিষয়াৰ দ্বাৰা অতি উলহ-মালহেৰে পালন কৰা হয় । এই বৰ্ষৰ ষোড়শ অসামৰিক সেৱা দিৱসটো থীম আছিল "Vikasit Bharat - Empowering Citizens and Reaching the Last Mile." ৷

উল্লেখ্য যে 2022 বৰ্ষত হায়দৰাবাদত অনুষ্ঠিত ই-গভৰ্ণেন্স সম্পৰ্কীয় 24 সংখ্যক সন্মিলনত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিঙে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাক স্বৰ্ণ পদকৰে সন্মানিত কৰিছিল । উপায়ুক্ত বৰ্ণালী ডেকাৰ অভিনৱ উদ্ভাৱনী প্ৰতিভা আৰু প্ৰকল্প গ'লমাৰ্ট-ডিজিটেল ৰূপান্তৰৰ বাবে সোণৰ পদক প্ৰদান কৰা হৈছিল (Kokrajhar DC Barnali Deka awarded gold medal) ৷

গোৱালপাৰা জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত হৈ থকাৰ সময়ত বৰ্ণালী ডেকাক ভাৰত চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা আৰু পেঞ্চন মন্ত্ৰালয়ৰ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে প্ৰথম শ্ৰেণী শাখাৰ “Excellence in Government Process Re-engineering for Digital Transformation” ৰ শিতানত স্বৰ্ণ পদকৰ বাবে নিৰ্বাচিত কৰিছিল ৷

লগতে পঢ়ক: Y20 Talk series in Kokrajhar: শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ মূল ভেঁটি হৈছে দেশৰ যুৱশক্তি; অশোক সিংহল

সেইমৰ্মে হায়দৰাবাদত আয়োজিত হোৱা ই-গভৰ্ণেন্স সম্পৰ্কীয় ২৪ সংখ্যক সন্মিলন (National e-governance Award ceremony) ত এই বঁটা প্ৰদান কৰা হৈছিল ডেকাক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.