ETV Bharat / state

জনজাতিকৰণৰ দাবীত উত্তাল কোকৰাঝাৰ

author img

By

Published : Feb 23, 2020, 6:24 PM IST

কোকৰাঝাৰত আক্ৰাছুৰ বিশাল গণসমাবেশ । কোচ জনগোষ্ঠীক বিভিন্ন দাবী লৈ অনুস্থিত হোৱা এই গণসমাৱেশত উপস্থিত থাকে আক্ৰাছুৰ সাধাৰণ সম্পাদক জীবেছ ৰায় আৰু উপদেষ্টা হিতেস্বৰ বৰ্মন ৷

Kokrajhar Akrasu mass rally
জনজাতিকৰণৰ দাবীত উত্তাল কোকৰাঝাৰ

কোকৰাঝাৰ, 23 ফেব্ৰুৱাৰী: কোচ-ৰাজবংশী জনগোষ্টীক জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু সাংবিধানিক সুৰক্ষাৰ দাবীত কোকৰাঝাৰৰ দিমলগাওঁত বিশাল গণসমাৱেশ অনুষ্ঠিত হয় । আক্ৰাছু হিতেশ্বৰ বৰ্মন গোটৰ উদ্যোগত আৰু কোচ-ৰাজবংশী সন্মিলনী, কোচ-ৰাজবংশী মহিলা সমিতি, চিলাৰায় সেনাৰ সহযোগত দেওবাৰে দিমলগাওঁ পথাৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশ জনসমুদ্ৰলৈ ৰূপান্তৰিত হয় ।

বিটিএডিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কোচ-ৰাজবংশী জনতাই দিমলগাওঁ পথাৰত উপস্থিত হৈ নিজৰ প্ৰাপ্য দাবী তথা অধিকাৰ ৰূপায়ণ কৰিবলৈ চৰকাৰক শেষবাৰৰ বাবে সঁকিয়নি প্ৰদান কৰে । জনসমাৱেশত উপস্থিত থাকি আক্ৰাছুৰ সাধাৰণ সম্পাদক জীবেছ ৰায়ে কয় যে, কোচ-ৰাজবংশী জনতাক প্ৰতিটো চৰকাৰে কেৱল প্ৰতাৰণাহে কৰি আহিছে । প্ৰতিটো দলে নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্টীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও সময়ত এইয়া ফুটুকাৰ ফেন হয় ।

জনজাতিকৰণৰ দাবীত উত্তাল কোকৰাঝাৰ

ইপিনে আক্ৰাছু উপদেষ্টা হিতেস্বৰ বৰ্মন কয় যে, চৰকাৰে কোচ ৰাজবংশীক মাথো প্ৰতাৰণা কৰিছে ৷ সেয়ে কোচ ৰাজবংশিক সকল আজি নিজৰ ভূমিতে বাঞ্চিত লাঞ্ছিত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.