ETV Bharat / state

Rupnath Brahma 122 th Birthday : জননেতা ৰূপনাথ ব্ৰহ্মৰ 122 সংখ্যক জন্মজয়ন্তী পালন

author img

By

Published : Jun 16, 2023, 7:50 AM IST

Rupnath Brahma 122 th Birthday
জননেতা ৰূপনাথ ব্ৰহ্মৰ 122 সংখ্যক জন্মজয়ন্তী পালন

কোকৰাঝাৰত জননেতা ৰূপনাথ ব্ৰহ্মৰ 122 সংখ্যক জন্মজয়ন্তী পালন ৷ ৰূপনাথ ব্ৰহ্মৰ জন্মজয়ন্তী বিটিআৰৰ চৰকাৰী কেলেণ্ডাৰত স্থান দিয়াৰ কথা ঘোষণা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷

জননেতা ৰূপনাথ ব্ৰহ্মৰ 122 সংখ্যক জন্মজয়ন্তী উদযাপন

কোকৰাঝাৰ, 16 জুন : জননেতা প্ৰয়াত ৰূপনাথ ব্ৰহ্মৰ 122 সংখ্যক জন্মজয়ন্তী বৃহস্পতিবাৰে কোকৰাঝাৰ চহৰৰ চান্দমাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ যোগেদি পালন কৰা হয় ৷ আৰ এন বি সোঁৱৰণী উদযাপন সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধিয়া বন্তি প্ৰজ্বলনৰে ৰূপনাথ ব্ৰহ্মৰ জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ জননেতা ৰূপনাথ ব্ৰহ্মৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে ৷

Rupnath Brahma 122 th Birthday Celebration
জননেতা ৰূপনাথ ব্ৰহ্মৰ 122 সংখ্যক জন্মজয়ন্তী

জননেতা ৰূপনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এক সভাও অনুষ্ঠিত কৰা হয় ৷ সভাত প্ৰয়াত ৰূপনাথ ব্ৰহ্মৰ পৰিয়ালৰ সদস্যক একোখনকৈ আৰ’নাই, ফুলৰ থোপাৰে সম্বৰ্ধনা জনায় উদযাপন সমিতিয়ে ৷ সভাত আদৰণি ভাষণৰে জননেতা ৰূপনাথ ব্ৰহ্মৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে উদযাপন সমিতিৰ আহ্বায়িকা তথা কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্মই ৷

122 th birthday celebration of Rupnath Brahma
জননেতা ৰূপনাথ ব্ৰহ্মৰ 122 সংখ্যক জন্মজয়ন্তী অনুষ্ঠানত বন্তি প্ৰজ্বলন

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ জননেতা ৰূপনাথ ব্ৰহ্মৰ জীৱন সন্দৰ্ভত ভাষণ প্ৰসংগত উল্লেখ কৰি প্ৰয়াত নেতাগৰাকীয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷ ৰূপনাথ ব্ৰহ্মৰ স্মৃতি চিৰসজীৱ কৰি ৰাখিবলৈ বিটিআৰ চৰকাৰে ৰূপনাথ ব্ৰহ্মৰ জন্ম জয়ন্তীক চৰকাৰী কেলেণ্ডাৰত স্থান দিয়াৰ বাবে মনস্থ কৰিছে বুলিও সভাখনত ঘোষণা কৰে প্ৰমোদ বড়োৱে ৷

122 th birthday celebration of Rupnath Brahma
ৰূপনাথ ব্ৰহ্মৰ 122 সংখ্যক জন্মজয়ন্তী অনুষ্ঠানত স্থানীয় শিল্পীৰ নৃত্য প্ৰদৰ্শন

ৰূপনাথ ব্ৰহ্মৰ জন্ম জয়ন্তী অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য ক্ৰমে ড° নিলুত স্বৰ্গীয়াৰী, ৰঞ্জিত বসুমতাৰী, ৰেওৰেৱা নাৰ্জাৰী, পাৰিষদ ৰাজীৱ কুমাৰ ব্ৰহ্ম, পাৰিষদ মাধৱ ছেত্ৰী, পদ্মশ্ৰী ড° মংগল সিং হাজোৱাৰীসহ কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক : Road accident: মৰণফান্দলৈ পৰিণত ৰাজপথৰ গাঁত, অকাল মৃত্যুক সাৱটিলে প্ৰাঞ্জলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.