Road accident: মৰণফান্দলৈ পৰিণত ৰাজপথৰ গাঁত, অকাল মৃত্যুক সাৱটিলে প্ৰাঞ্জলে

By

Published : Jun 15, 2023, 11:04 PM IST

thumbnail

যোৰহাট, 15 জুন: মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা অবিহনেই অব্যাহত বাট পথৰ নিৰ্মাণকাৰ্য ৷ যাৰ বাবে অকাল মৃত্যুক সাৱটিব লগা হৈছে কেইবাজনো নিৰীহ লোকে ৷ এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ গাফিলতিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকাণ্ড গাঁতত পৰি এজন যুৱকে অকাল মৃত্যুক সাৱটি লয় ৷ বৃহস্পতিবাৰে যোৰহাটৰ অজন্তা বাইপাছৰ নিৰ্মীয়মান ঘাইপথত পৰি মৃত্যুক আকোঁৱালি ল'ব লগা হয় যোৰহাট জিলাৰ গন্ধীয়া গাঁৱৰ প্ৰাঞ্জল প্ৰতীম বৰাই।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই পথ নিৰ্মাণৰ সময়ত কোনো সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা নাছিল। ইফালে কেইদিনমান পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গাফিলতিৰ বাবে এগৰাকী উচ্চ প্ৰদস্থ বিষয়াই টীয়কত একেদৰে মৃত্যুক সাৱটিবলগীয়া হৈছিল ৷  এই ঘটনাৰ বাবে যোৰহাট প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত গোচৰ ৰুজু কৰিছিল ৷

লগতে পঢ়ক: Jonali Nath Murder case update: হাছানুৰৰ স্বীকাৰোক্তি ভুৱা, কাঠৰ টুকুৰাৰে মৰিয়াই হত্যা কৰিছিল জোনালীক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.