কোকৰাঝাৰৰ এনকাউণ্টাৰত নিহত দুই যুৱকৰ পৰিয়ালক নিযুক্তি প্ৰত্ৰ প্ৰদান

author img

By

Published : Sep 22, 2021, 7:24 PM IST

কোকৰাঝাৰৰ এনকাউণ্টাৰত নিহত হোৱা দুই যুৱকৰ পৰিয়ালক নিযুক্তি প্ৰত্ৰ প্ৰদান

কোকৰাঝাৰত আৰক্ষীৰে সংঘৰ্ষত নিহত দুই বড়ো যুৱকৰ পৰিয়ালক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ এনএলএফবি আৰু ইউএলবি গঠন হোৱাৰ আঁৰত কোন জড়িত তাৰ বাবে চিবিআই তদন্তৰ দাবী প্ৰমোদ বড়োৰ ৷

কোকৰাঝাৰ, ২২ ছেপ্তেম্বৰ : ‘‘এনএলএফবি আৰু ইউএলবি গঠন হোৱাৰ আঁৰত কোন জড়িত হৈ আছে তাৰ ওপৰত চিবিআই তদন্ত হ’ব লাগে আৰু যিসকল জড়িত আছে তেনে লোকসকলৰ ওপৰত কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে । বড়ো যুৱকসকলৰ অকালতে মৃত্যু হওক, ধ্বংস হওক, ৰক্তাক্ত হওক, ধনদাবী, দাদাগিৰিৰে পৰিৱেশ বিনষ্ট কৰি শিক্ষা দীক্ষা ধবংস হওক তেনে পৰিৱেশ আমি কাহানিও বিচৰা নাই ।’’ এই মন্তব্য বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ।

কোকৰাঝাৰৰ এনকাউণ্টাৰত নিহত হোৱা দুই যুৱকৰ পৰিয়ালক নিযুক্তি প্ৰত্ৰ প্ৰদান

বুধবাৰে বিটিআৰ সচিবালয়ত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সংঘৰ্ষত নিহত জৌংছাৰ মুছাহাৰী আৰু জনক ব্ৰহ্মৰ নিকটাত্মীয়ক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰি সংবাদমাধ্যমৰ আগত এই মন্তব্য প্ৰদান কৰে । বিটিআৰৰ বন বিভাগত নিযুক্তি প্ৰদান কৰি প্ৰমোদ বড়োৱে কয় যে, ঘটনাক লৈ ইতিমধ্যে তদন্ত ঘোষণা কৰা হৈছে আৰু তদন্তৰ জৰিয়তে দোষীয়ে শাস্তি পাব ।

ইতিমধ্যে ঢালিগাঁৱত তিনিজনকৈ জেষ্ঠ এডিজিপিয়ে বাহৰ পাতি অঞ্চলটোত কেনেদৰে স্থায়ী শান্তি বৰ্তাই ৰাখিব পৰা যায় সেই সন্দৰ্ভত এনডিএফবিৰ সতেও আলোচনাত অংশ লৈছে । স্থায়ী শান্তিৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ কথা সদৰী কৰি প্ৰমোদ বড়োৱে কয় যে, হাজাৰ হাজাৰ বড়ো যুৱকক প্ৰতিৰক্ষা বাহিনীত নিযুক্তি দিয়াৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে ।

লগতে পঢ়কঃ চিৰাঙত কিশোৰী নিৰুদ্দেশ; নাৰী সৰবৰাহকাৰীৰ কৱলত পৰাৰ সন্দেহ স্থানীয় লোকৰ

ফেচবুকত বিতৰ্ক কৰিলেই সমস্যাৰ সমাধান নহয় বুলি উল্লেখ কৰি ফেচবুক বিতৰ্কৰ যোগেদি না আপুনি নিজৰ কেৰিয়াৰ গঢ়িব পাৰিব, না আপুনি জাতি উদ্ধাৰ কৰিব পাৰিব বুলি তীৰ্যক মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ ফেচবুকত আলোচনা কৰিলেই যদি সমস্যাৰ সমাধান হ’ল হেতেন তেতিয়াহলে বছৰ বছৰ ধৰি সংগ্ৰাম নহ’ল হেতেন বুলি উল্লেখ কৰে । ফেচবুকত অনাহক চৰ্চা-বিতৰ্ক এৰাই চলিবলৈ যুৱ সমাজৰ প্ৰতি আহ্বান জনাইছে প্ৰমোদ বড়োৱে ।

বড়ো সমাজ আগুৱাই যাব লাগিলে এশ শতাংশ স্থায়ী শান্তি আহিব লাগিব আৰু তাৰ সলনি জংঘললৈ পুনৰ উভতি গৈ ভাবুকি দিলে নিজৰ লগতে জাতিৰো লোকচান হ‘ব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে যি সময়ত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৱে অঞ্চলটোৰ সৰ্বপ্ৰকাৰৰ উন্নয়নৰ বাবে নিজেই পৰ্যবেক্ষণ কৰি আছে তেনে সময়তে এনেধৰণৰ ঘটনা দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে ।

লগতে পঢ়কঃ পৰেশ বৰুৱাৰে আলোচনা : পূজাৰ পিছতেই প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা

এনএলএফবি আৰু ইউএলবি গঠন হোৱাৰ আঁৰত কোন জড়িত হৈ আছে তাৰ ওপৰত চিবিআই তদন্ত হ’ব লাগে বুলি পুনৰবাৰ মন্তব্য কৰি গঠনৰ আঁৰত যি পৰ্যায়ৰে লোক জড়িত নাথাকক কিয় তাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে বুলি মন্তব্য কৰি পুনৰ ৰক্তাক্ত পৰিৱেশ বিচৰা নাই বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে ।

কোকৰাঝাৰ জিলাৰ উল্টাপানীৰ লুংছুল বনাঞ্চলত আৰক্ষীৰে সংঘৰ্ষত দুজনকৈ বড়ো যুৱক নিহত হোৱাকলৈ অসম চৰকাৰে মঙলবাৰে তদন্ত ঘোষণা কৰাৰ পিছতে বুধবাৰে বিটিআৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনে সংঘৰ্ষত নিহত হোৱা দুয়োগৰাকীৰ পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰে ৷

বিটিআৰ সচিবালয়ত বুধবাৰে এক অনুষ্ঠানৰ যোগেদি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সংঘৰ্ষত নিহত জৌংছাৰ মুছাহাৰী আৰু জনক ব্ৰহ্মৰ নিকটাত্মীয়ক চাকৰিৰ নিযুক্তি পত্ৰ হস্তান্তৰ কৰি দুয়োজনৰ আদ্যশ্ৰাদ্ধ্যৰ বাবেও কিছুঅৰ্থ সাহাৰ্য প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে ।

অৱশ্যে ইয়াৰ ভিতৰত জনক ব্ৰহ্মৰ পিতৃয়ে আদ্যশ্ৰাদ্ধৰ পিছতে হে, নিযুক্তিপত্ৰ সংগ্ৰহ কৰিব বুলি বিটিআৰ প্ৰশাসনক অৱগত কৰিছে । নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী, অৰূপ কুমাৰ দে’ আৰু ৰেওৰেৱা নাৰ্জিহাৰী, প্ৰাক্তন এনডিএফবিৰ নেতা বি বিদাই উপস্থিত আছিল ৷

লগতে পঢ়কঃ কোকৰাঝাৰৰ এনকাউণ্টাৰৰ উচ্চপৰ্যায়ৰ ন্যায়িক তদন্ত দাবী সাংসদ ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.