পৰেশ বৰুৱাৰে আলোচনা : পূজাৰ পিছতেই প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা

author img

By

Published : Sep 22, 2021, 5:25 PM IST

peace talks

অসম চৰকাৰ আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মাজত শান্তি আলোচনাকলৈ ৰাজ্যত বিশেষ চৰ্চা অব্যাহত আছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক ইতিমধ্যে সঁহাৰি জনাই যুদ্ধবিৰতি পালন কৰি আলফাই । পিছে শান্তি আলোচনা কেতিয়া আৰম্ভ হ'ব ? ইটিভি ভাৰতৰ হাতত পৰিছে এক বিশেষ খবৰ ।

গুৱাহাটী,২২ ছেপ্টেম্বৰ : কোনো মধ্যস্থতাকাৰীৰ স্থান নাই, পি চি জি (PCG) সদৃশ কোনো বিশেষ কৰ্তৃত্বশীল সমিতিৰো প্ৰয়োজন নাই । এইবাৰ পৰেশ বৰুৱাক (Paresh Barua) শান্তি আলোচনালৈ আনিবলৈ ব্যক্তিগতভাৱে উদ্যোগ লৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) । ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে শান্তি আলোচনাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাক কৰ্তৃত্ব প্ৰদান কৰাৰ পিছত এতিয়া অসমৰ ৰাইজে অধিক আগ্ৰহেৰে বাট চাইছে কেতিয়ালৈ সমাধান হ'ব দশক দশকজুৰি চলি অহা এই ৰক্তাক্ত সংগ্ৰামৰ ।

peace talks
পূজাৰ পিছতেই প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা

পৰেশ বৰুৱাৰে ঘনিষ্ঠ এক সূত্ৰই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা মতে আগন্তুক দুৰ্গা পূজাৰ পিছৰে পৰাই হয়তো মুখ্যমন্ত্ৰী আৰু পৰেশ বৰুৱাৰ মাজত শান্তি আলোচনাৰ (Peace talks) এক পৰিৱেশ ৰচনাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব পাৰে । মনকৰিবলগীয়া যে মুখ্যমন্ত্ৰী পদৰ‌ শপত লৈয়েই ড৹ হিমন্তবিশ্ব শৰ্মাই পৰেশ বৰুৱাক শান্তি আলোচনালৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছিল । ড৹ শৰ্মাৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই পৰেশ বৰুৱাই একপক্ষীয় যুদ্ধবিৰতিও ঘোষণা কৰিছিল, যি এতিয়াও অব্যাহত আছে ।

পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীৰ অনুৰোধত পৰেশ বৰুৱাই অপহৃত অ' এন জি চিৰ (ONGC) বিষয়াকো মুকলি কৰি দিছিল । গতিকে স্বাভাৱিকতে এইবাৰ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী আৰু পৰেশ বৰুৱাৰ শান্তি আলোচনাৰ প্ৰক্ৰিয়াই এক ইতিবাচক সমাধান সূত্ৰ উলিয়াব পাৰিব বুলি অসমবাসীয়ে আশা কৰিছে ।

লগতে পঢ়ক :উত্তৰ গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.