কোকৰাঝাৰৰ এনকাউণ্টাৰৰ উচ্চপৰ্যায়ৰ ন্যায়িক তদন্ত দাবী সাংসদ ৰিপুন বৰাৰ

author img

By

Published : Sep 22, 2021, 5:23 PM IST

কোকৰাঝাৰৰ এনকাউণ্টাৰৰ ঘটনাৰ উচ্চপৰ্যায়ৰ ন্যায়িক তদন্ত দাবী সাংসদ ৰিপুন বৰাৰ

‘‘পুলিছে এনকাউন্টাৰ কৰাৰ কাৰণ সন্দৰ্ভত যি পৰিৱেশৰ বৰ্ণনা দিয়ে তাত সন্দেহৰ অৱকাশ আছে । ইচ্ছ্যু সলনি কৰি মানুহক ব্যস্ত ৰখাৰ বাবে দালালক লৈ ১৫-২০ দিন চলিব। এনে দৰে চৰকাৰ খনে দিন সমূহ পাৰ কৰিছে ৷’’ এই বিস্ফোৰক অভিযোগ সাংসদ ৰিপুন বৰা ৷

গুৱাহাটী, ২২ ছেপ্তেম্বৰ : কোকৰাঝাৰৰ এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে প্ৰতিবাদ-প্ৰতিক্ৰিয়া । ১৮ ছেপ্টেম্বৰত কোকৰাঝাৰ জিলাৰ উল্টাপানি বনাঞ্চলত আৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নৱগঠিত বিদ্ৰোহী সংগঠন 'ইউনাইটেড লিবাৰেচন ফৰ বড়োলেণ্ড'ৰ (ইউ এল বি) দুজন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হৈছিল । এনকাউণ্টাৰৰ এই ঘটনাৰ পিছৰে পৰা সমগ্ৰ বিটিআৰত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আছে ।

কোকৰাঝাৰৰ এনকাউণ্টাৰৰ ঘটনাৰ উচ্চপৰ্যায়ৰ ন্যায়িক তদন্ত দাবী সাংসদ ৰিপুন বৰাৰ

কোকৰাঝাৰৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ ৰিপুন বৰাই । বুধবাৰে সংবাদ মাধ্যমৰ আগত সাংসদ বৰাই কয় আমি এনকাউণ্টাৰৰ ঘটনাৰ উচ্চপৰ্যায়ৰ ন্যায়িক তদন্ত দাবী কৰিছো । পুলিছে এনকাউন্টাৰ কৰাৰ কাৰণ সন্দৰ্ভত যি পৰিৱেশৰ বৰ্ণনা দিয়ে তাত সন্দেহৰ অৱকাশ আছে ।

কোকৰাঝাৰৰ ঘটনাৰ ক্ষেত্ৰতো সন্দেহৰ অৱকাশ আছে । হয়টো তেওঁলোক সন্ত্ৰাসবাদী নাইবা দুধৰ্ষ অপৰাধী হ'ব পাৰে । কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছে যে যিমানেই ডাঙৰ সন্ত্ৰাসবাদী নহওক কিয়, এনকাউণ্টাৰ হৈছে শেষ পন্থা । প্ৰথমে জীৱন্তে কৰায়ত্ত কৰিব লাগে । কৰায়ত্ত কৰিব নোৱাৰিলে নাইবা আত্মৰক্ষাৰ বাবেহে এনকাউণ্টাৰ কৰা হয় ।

লগতে পঢ়কঃ ড৹ কুলধৰ শইকীয়ালৈ ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা

কিন্তু সেই পৰিস্থিতি আজি ইয়াত নাই । কোকৰাঝাৰত এনকাউণ্টাৰত যি দুজন যুৱকৰ মৃত্যু হ'ল, তাত এই পৰিস্থিতি হোৱা নাই । সেইবাবে সন্দেহৰ যথেষ্ট অৱকাশ আছে । যাৰবাবে আমি উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছো । অফিচিয়েল পৰ্যায়ত তদন্ত হ'লে তদন্ত কিমান স্বচ্ছ আৰু নিকা হ'ব সেইটো সকলোৱে জানে । যাৰবাবে ন্যায়িক তদন্ত হ'ব লাগে ।

আনহাতে ৰাজ্যজুৰি মাটিৰ দালাল গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় ৰাজ্যৰ মূল সমস্যাসমূহক অন্য দিশে সলনি কৰাৰ কৌশল দালাল গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া । নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আদি সমস্যাৰ পৰা ৰাইজক অন্য দিশে ব্যস্ত ৰখাৰ বাবে বিজেপি চৰকাৰে নতুন নতুন পন্থা অৱলম্বন কৰে ।

যাতে সমস্যাবোৰক লৈ কোনেও আন্দোলন নকৰে তথা প্ৰতিবাদ নহয় । ত‍াৰবাবে সদায় নতুন ইচ্ছ্যু কৰি তেওঁলোকে ৰাইজৰ ধ্যান অন্য দিশে সলনি কৰাৰ প্ৰচেষ্টা কৰে । দালালক লৈ ১৫-২০ দিন চলিব । মানুহক ব্যস্ত ৰাখিব । গৰুৰ চোৰাং বেপাৰকলৈ দুমাহ ব্যস্ত ৰাখিলে । ড্ৰাগছত ব্যস্ত ৰাখিলে । এনেদৰে সময়বোৰ পাৰ কৰিব । দালাল ধৰিলে সকলোকে ধৰিব লাগে, দালাল বহুত আছে । এনেদৰে চৰকাৰৰ বিৰোদ্ধে সৰৱ হৈ পৰে বিৰোধী দলৰ সাংসদ গৰাকী ৷

লগতে পঢ়কঃ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড : কেমেৰা সন্মুখতে ছিলিণ্ডাৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.