চিৰাঙত কিশোৰী নিৰুদ্দেশ; নাৰী সৰবৰাহকাৰীৰ কৱলত পৰাৰ সন্দেহ স্থানীয় লোকৰ

author img

By

Published : Sep 22, 2021, 5:19 PM IST

Teen missing in Chirang

দুগৰাকী কিশোৰী নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ওদালগুৰিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি কিশোৰী দুগৰাকী নিৰুদ্দেশ হোৱাৰ ঘটনাৰ লগত এটা বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ জড়িত আছে ৷

চিৰাং, 22 ছেপ্টেম্বৰ : চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ওদালগুৰিৰ দুগৰাকী কিশোৰী নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে অভিযোগ কৰা অনুসৰি, প্ৰায় এমাহ ধৰি নিৰুদ্দেশ হৈ আছে কিশোৰী দুগৰাকী ৷ কিশোৰী দুগৰাকী নিৰুদ্দেশ হোৱা ঘটনাৰ লগত সমন্ধীয় মোমায়েক আৰু পেহীয়েক জড়িত থকাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷

চিৰাঙত কিশোৰী নিৰুদ্দেশ

কিশোৰীৰ নিৰুদ্দেশ হোৱাৰ ঘটনাৰ সন্দৰ্ভত যোৱা ১৮ তাৰিখে ঢালিগাঁও থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে । স্থানীয় লোকৰ অভিযোগ অনুসৰি কিশোৰী দুগৰাকী নিৰুদ্দেশ হোৱাৰ ঘটনাৰ লগত এটা বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ জড়িত আছে ৷ এই চক্ৰটোক সহায় কৰিছে কিশোৰী দুগৰাকীৰ সমন্ধীয় মোমায়েক আৰু পেহীয়েকে ৷

লগতে পঢ়ক: ড৹ কুলধৰ শইকীয়ালৈ ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা

আনহাতে, এই ঘটনাৰ লগত গাঁওখনৰ আন চাৰিজন দেৱানী লোক জড়িত আছে বুলিও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । কিয়নো ওদালগুৰি গাঁৱৰ শুকুৰ আলীৰ ঘৰৰ দুই কিশোৰীক বিচৰাৰ নামত গাঁৱৰ চাৰিগৰাকী দেৱানীয়ে এক লাখৰ ধন দাবী কৰিছে অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ সম্প্ৰতি নিৰুদ্দেশ হৈ থকা কিশোৰী দুগৰাকীৰ সন্ধান নোপোৱাত দিশহাৰা হৈ পৰিছে কিশোৰী দুগৰাকীৰ পিতৃ-মাতৃৰ লগতে আন পৰিয়ালৰ লোকসকল ৷

এই ঘটনাৰ সন্দৰ্ভত এবিএমছু জিলা সভাপতি ফিৰোজ আলীয়ে কিশোৰী দুগৰাকীৰ নিৰুদ্দেশ হোৱাৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে ৷ উল্লেখ্য যে, আগষ্ট-ছেপ্টেম্বৰ মাহত চিৰাং আৰক্ষীয়ে মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা ৬৬ জন শিশু, কিশোৰ-কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । সেয়ে এই ক্ষেত্ৰতো আৰক্ষীৰ সক্ৰীয়তা দাবী কৰিছে এবিএমছুৰ লগতে গাঁওবাসীয়ে ।

লগতে পঢ়ক: পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰসংগকলৈ সংবাদমেলত সৰৱ সাংসদ ৰিপুন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.