ETV Bharat / state

কোকৰাঝাৰত 13 টা গৰুসহ আটক দুজন

author img

By

Published : Jan 30, 2021, 7:44 AM IST

Updated : Jan 30, 2021, 9:55 AM IST

কোকৰাঝাৰত 13টা গৰু সহ আটক দুজন
কোকৰাঝাৰত 13টা গৰু সহ আটক দুজন

শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ অসম -বংগ সীমান্তৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে কঢ়িয়াই অনা ১৩ টা উন্নত জাতৰ গৰু জব্দ কৰে ৷ আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত দুজনকো আটক কৰিবলৈ সক্ষম হয় ৷ লোক দুজন মহম্মদ দিচাদ আৰু সদকত আলী বুলি জানিব পৰা গৈছে ৷

কোকৰাঝাৰ, 30 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে গৰু সৰবৰাহৰ ঘটনা ৷ কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে কঢ়িয়াই অনা ১৩ ট উন্নত জাতৰ গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷

কোকৰাঝাৰত 13 টা গৰুসহ আটক দুজন
কোকৰাঝাৰত 13 টা গৰুসহ আটক দুজন

আৰক্ষীৰ চকুত ধুলি দিবলৈ নতুন কৌশল অৱলম্বনেৰে বহি:ৰাজ্যৰ পৰা অবৈধভাৱে গৰু কঢ়িয়াই অনা UP-12T-3795 নম্বৰৰ ট্ৰাকখনো আৰক্ষীয়ে জব্দ কৰাৰ লগতে দুজন অবৈধ গৰু সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে জিলা খনৰ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰু শ্ৰীৰামপুৰত অভিযান চলাই অবৈধভাৱে সৰবৰাহ কৰা ১৩ টা উন্নত জাতৰ গৰু জব্দ কৰাৰ লগতে দুজনক আটক কৰে । আটকাধীন লোক দুজন উত্তৰ প্ৰদেশৰ মুজ্জাফুৰনগৰৰ মহম্মদ দিচাদ আৰু আনজন উত্তৰ প্ৰদেশ মিৰাটৰ সদকত আলী বুলি জানিব পৰা গৈছে ৷

কোকৰাঝাৰত 13 টা গৰুসহ আটক দুজন
কোকৰাঝাৰত 13 টা গৰুসহ আটক দুজন

উল্লেখ্য যে,আৰক্ষীৰ চকুত ধুলি দিবলৈ UP-12T-3795 নম্বৰৰ যিখন ট্ৰাকেৰে ১৩ টাকৈ গৰু অবৈধভাৱে সৰবৰাহ কৰিছিল সেইখন ট্ৰাক দুটা অংশত বিভক্ত কৰা আছিল । ইয়াৰে এটা অংশ খালী থকাৰ বিপৰীতে আনটো অংশ ১৩ টা গৰুৰে ভৰ্তি হৈ আছিল । আৰক্ষীয়ে বিশেষ সূত্ৰৰ দ্বাৰা বাহনখন অসমত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰাৰ পাচতেই অভিযান চলাই ট্ৰাকসহ গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,জব্দকৃত গৰুকেইটা বাংলাদেশলৈ চালান দিয়াৰ পৰিকল্পনা কৰিছিল ধৃত লোককেইজনে ৷ আৰক্ষীয়ে বৰ্তমান লোক দুজনক আটক কৰি ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

কোকৰাঝাৰত 13 টা গৰুসহ আটক দুজন
কোকৰাঝাৰত 13 টা গৰুসহ আটক দুজন

অন্য এক খবৰৰ বাবে: পুনৰ অনিৰ্দিষ্ট কাললৈ বাঘজান EPS বন্ধ !

Last Updated :Jan 30, 2021, 9:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.