ETV Bharat / state

মঙলবাৰে উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব বিপিএফৰ লেখ আবেদনৰ শুনানি

author img

By

Published : Dec 21, 2020, 8:27 PM IST

প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে বিপিএফ দলৰ চাৰি গৰাকী সদস্যই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শুনানি কাইলৈ অৰ্থাৎ মঙললবাৰে অনুষ্ঠিত হ‘ব ।

btr-chief-promad-boro-interview
কাইলৈ উচ্চ ন্যায়ালয়ত বিপিএফে দাখিল কৰা লেখ আবেদনৰ শুনানি

কোকৰাঝাৰ, ২১ ডিচেম্বৰ : প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে বিপিএফে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শুনানিৰ আগমূহুৰ্তত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে শুনানি চৰকাৰৰ পক্ষে অৰ্থাৎ আমিয়েই জয়ী হ’ম বুলি মন্তব্য কৰিছে ৷

সোমবাৰে সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে, ইয়াৰ পূৰ্বেও ৰাজ্যপালৰ শাসনক প্ৰত্যাহ্বান জনাই বিপিএফে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও মুখথেকেচা খাইছে ৷ দৰাচলতে বিপিএফে ঋণাত্মক মানসিকতাৰে পৰিষদীয় চৰকাৰখনৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে, ন্যায়ালয়ৰ ৰায়দানৰ পিছতে আন নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ কৰিব আৰু তাৰপিছতে পূৰ্ণাংগ পৰ্যায়ত চৰকাৰী কাম-কাজ চলিব ।

কাইলৈ উচ্চ ন্যায়ালয়ত বিপিএফে দাখিল কৰা লেখ আবেদনৰ শুনানি

বিপিএফে বিৰোধীৰ ভূমিকা পালন কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত্তোৰত প্ৰমোদ বড়োৱে কয় যে, বিৰোধীয়ে গঠনাত্মক ভূমিকা পালন কৰিলে গণতন্ত্ৰৰ বাবেই শুভলক্ষণ । লিলি হোটেলৰ পৰা শ্বিলংলৈ নিয়া নিৰ্বাচিত সদস্যসকলৰ স্থিতি সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন উত্থাপন কৰাত প্ৰমোদ বড়োৱে নিৰ্বাচনৰ সময়ত তেওঁলোকে বহু কষ্ট কৰিছে আৰু এতিয়া অলপ ফুৰিবলৈ গৈছে বুলি ভাষ্য আগবঢ়ায়।

উল্লেখ্য যে, প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে বিপিএফ দলৰ চাৰি গৰাকী সদস্যই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শুনানি কাইলৈ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ‘ব ।
লগতে পঢ়ক: মঙলবাৰে মুকলি আকাশৰ তললৈ আহিব পাৰে অখিল গগৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.