ETV Bharat / state

Kokrajhar encounter: কোকৰাঝাৰ আৰক্ষীৰ বিৰুদ্ধে ভুৱা এনকাউন্টাৰৰ অভিযোগ অঞ্জলী দৈমাৰীৰ

author img

By

Published : Aug 2, 2022, 10:38 PM IST

বহুচৰ্চিত জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰীৰ হত্যাকাণ্ড সন্দৰ্ভত কোকৰাঝাৰত তদন্ত আয়োগ (Kokrajhar police encounter) ৷ ভুৱা সংঘৰ্ষ বুলি চৰ্চিত হোৱাৰ পিছতে চৰকাৰে গঠন কৰি দিছিল এজনীয়া আয়োগ ৷ আয়োগৰ সন্মুখত দল-সংগঠনৰ সাক্ষ্য দান ৷ দল-সংগঠন তথা পৰিয়ালৰ মতে এই সংঘৰ্ষ ভুৱা আছিল ৷

Kokrajhar encounter
Kokrajhar encounter

কোকৰাঝাৰ ২ আগষ্ট : কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাৰ লুংছুঙত যোৱা বৰ্ষৰ ১৭ ছেপ্টেম্বৰত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত টিপকাইৰ জনক ব্ৰহ্ম আৰু পাটগাঁৱৰ জৌংসাৰ মুছাহাৰী নামৰ দুজন যুৱক নিহত হৈছিল (Encounter in Kokrajhar)। আৰক্ষীয়ে সংঘৰ্ষত নিহত হোৱা জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰীক ইউএলবিৰ কেডাৰ বুলি দাবী কৰি তেওঁলোকৰ জিন্মাৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা বুলি সদৰি কৰিছিল (Kokrajhar police encounter)।

কোকৰাঝাৰ আৰক্ষীৰ বিৰুদ্ধে ভুৱা এনকাউন্টাৰৰ অভিযোগ অঞ্জলী দৈমাৰীৰ

ইপিনে উক্ত ঘটনাক সম্পূৰ্ণ ভুৱা বুলি দাবী কৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল (Protest against fake encounter) ৷ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত কোকৰাঝাৰৰ পৰিৱেশ উত্তাল হৈ পৰিছিল আৰু অৱশেষত চৰকাৰে জয়ন্ত নাৰ্লিকাৰৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰি দিয়ে ৷ আয়োগে মঙলবাৰে কোকৰাঝাৰ জিলা উপায়ুক্তৰ প্ৰেক্ষাগৃহত দ্বিতীয় পৰ্যায়ৰ শুনানি অনুষ্ঠিত কৰে (Janak Brahma encounter)।

আজিৰ শুনানীত নিহতৰ পৰিয়ালৰ লোক, বড়ো উইমেন জাষ্টিচ ফ’ৰাম, এবছু, জনজাতি সুৰক্ষা মঞ্চ, বড়োলেণ্ড ল ষ্টুডেণ্টৰ বিষয়ববীয়াই নিজৰ নিজৰ সাক্ষ্য দান কৰে ৷

ইপিনে সাক্ষ্য দানৰ অন্তত বড়ো উইমেন জাষ্টিচ ফ’ৰামৰ নেত্ৰী অঞ্জলি দৈমাৰীয়ে উক্ত সংঘৰ্ষ সম্পূৰ্ণৰূপে ভুৱা আছিল বুলি দাবী কৰি প্ৰশাসনে কাহিনীটো বনাব বিচাৰিছিল কিন্তু নিমিলিল বুলি মন্তব্য কৰে (Allegation of fake encounter)। জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰী প্ৰায় দহঘণ্টা ধৰি আৰক্ষীৰ জিন্মাত আছিল আৰু হেণ্ডকাফ লগোৱা ব্যক্তি কেনেদৰে পলাব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰি অঞ্জলি দৈমাৰীয়ে কয় যে, তেওঁলোক দুজনৰ দুৰ্ঘটনা হোৱাৰ পৰা মৃত্যুলৈকে সকলো ঘটনাই ভুৱা আছিল (Jungshar Muchahary encounter) ।

জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে উক্ত ঘটনা ভুৱা আছিল বুলি দাবী কৰি ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে । জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰীৰ য’ত দুৰ্ঘটনা সংঘটিত হৈছিল আৰু যি ঘৰত আশ্ৰয় লৈছিল সেই ঘৰখনৰ সদস্য আৰু প্ৰাথমিক চিকিৎসা কৰা নাৰ্ছগৰাকীয়েও আজি সাক্ষ্য দান কৰে বুলি সদৰী কৰে দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে ৷

ইয়াৰ লগতে দুয়োজন লোকৰ পৰিয়ালৰ লোকে উক্ত ঘটনাটোৰ ক্ষেত্ৰত ন্যায় পাব বুলি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে আশা কৰিছে । আজি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকেও আয়োগৰ ওচৰত বক্তব্য ৰাখে ।

লগতে পঢ়ক : Mysterious death:মঙলদৈত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.