ETV Bharat / state

বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কোকৰাঝাৰ

author img

By

Published : Nov 5, 2020, 8:38 PM IST

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কোকৰাঝাৰত আমছুৰ প্ৰতিবাদ ৷ দুঘন্টীয়া কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তুলে প্ৰতিবাদকাৰীয়ে ৷

AMSU protest at Kokrajhar
মূল্যবৃদ্ধিৰ বিৰুদ্ধে কোকৰাঝাৰত আমছুৰ প্ৰতিবাদ

কোকৰাঝাৰ, 5 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰতো জিলা অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কোকৰাঝাৰ চহৰৰ শিশু উদ্যানত পুৱা 11 বজাৰ পৰা দুঘন্টীয়া কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ বিজেপি মুৰ্দাবাদ, যোগানমন্ত্ৰী মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তুলে প্ৰতিবাদকাৰীয়ে ৷

বৰ্তমান ৰাজ্যত চলি থকা আকাশলংঘী অত্যাৱশ্যকীয় সামগ্ৰী তথা শাক পাচলিৰ মূল্যবৃদ্ধি ৰোধ কৰা দাবীৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ জিলা উপায়ুক্তৰ জৰিয়তে এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : অনুমতি অবিহনে মুখ নুখুলিবঃ কংগ্ৰেছ নেতালৈ জিতেন্দ্ৰ সিঙৰ সকীয়নি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.