ETV Bharat / state

এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সাতজনক বহিষ্কাৰ

author img

By

Published : Mar 20, 2021, 10:48 PM IST

এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আৰু উপ সভাপতি সহ ছাত্ৰ সংগঠনটোৰ সাতগৰাকীকৈ সদস্যক সংগঠনৰ পৰা বহিষ্কাৰ ৷ শনিবাৰে এক প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰা হয় এই তথ্য় ৷ এবিএমছুৰ সংবিধানক অৱমাননা আৰু ৰাজনৈতিক কু-চক্ৰান্তৰ দ্বাৰা সংগঠনৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ বাবে গ্ৰহণ কৰা হয় এই ব্যৱস্থা ৷

এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সাঁতজনক বহিষ্কাৰ
এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সাঁতজনক বহিষ্কাৰ

কোকৰাঝাৰ,২০ মাৰ্চ: বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিআৰত ৰাজনৈতিক দলসমুহৰ নিৰ্বাচনী প্ৰচাৰ সভাই তুংগত উঠাৰ সময়ছোৱাতে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সাংগঠনিক ভিতৰচৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ৰাজনৈতিক দলক সমৰ্থন দিয়া-নিদিয়াকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সংগঠনটোত ৷ ছাত্ৰ সংগঠনটোৰ ভিতৰচ’ৰাত অব্যাহত থকা এনে প্ৰতিক্ৰিয়াৰ মাজতে ৰাজনৈতিক কু-অভিসন্ধিৰ দ্বাৰা এবিএমছুৰ মাজত বিভাজন সৃষ্টি কৰা ছাত্ৰ সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আৰু উপ সভাপতি সহ এবিএমছুৰ সাতগৰাকীকৈ সদস্যক সংগঠনৰ পৰা বহিষ্কাৰ কৰা হয় ৷

শনিবাৰে এক প্ৰেছ বিবৃতিযোগে এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি নজৰুল ইছলাম আৰু সাধাৰণ সম্পাদক ছলেবৰ আলীয়ে জনোৱা মতে, এবিএমছুৰ সংবিধানক অৱমাননা আৰু ৰাজনৈতিক কু-চক্ৰান্তৰ দ্বাৰা সংগঠনৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে সংগঠনৰ মাজত বিভাজন অনাৰ বাবে বহিষ্কাৰ কৰা হয় লোককেইজনক ৷ বহিষ্কাৰ কৰা সদস্য কেইজন ক্ৰমে - মনিৰুজ জামান (জিলা কাৰ্যকৰী সভাপতি), শ্বেখ আনছাৰুল ৰহমান (জিলা উপ সভাপতি), সহিদুল ইছলাম (জিলা মুখ্য সাংগঠনিক সম্পাদক), ছাইফুল ইছলাম, ছামাদ আলী, কৈছেৰ আলী আৰু জয়নাল আবেদিন ৷

অন্য এক খবৰৰ বাবে: গেৰাণ্টিৰ সৈতে গহপুৰত ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.