ETV Bharat / state

অভয়াখুটি ধৰ্ষণকাণ্ড: দোষীক ফাঁচি প্ৰদানৰ দাবী এবিএমছু আৰু আৰএমচিৰ

author img

By

Published : Jun 20, 2021, 1:21 PM IST

abmsu-rmc-demands-hang-to-death
অভয়াখুটি ধৰ্ষণকাণ্ড: দোষীক ফাঁচি প্ৰদানৰ দাবী এবিএমছু আৰু আৰএমচিৰ

কোকৰাঝাৰ (KOKRAJHAR)ৰ অভয়াখুটিত সংঘটিত হোৱা ঘটনাৰ দুৰ্ভগীয়া পৰিয়ালক সাক্ষাৎ দুই ধৰ্মীয় সংখ্যালঘু সংগঠন এবিএমছু আৰু আৰএমছিৰ ৷ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি ঘটনাৰে জড়িত দোষীক ফাঁচীৰ দাবী এবিএমছুৰ সভাপতি মহিদুল ইছলাম আৰু আৰু আৰএমছিৰ সভাপতি আব্দুল আৱাল মণ্ডলৰ ৷

কোকৰাঝাৰ, 20 জুন : বিগত ১১ জুনত কোকৰাঝাৰ( KOKRAJHAR)ৰ অভয়াখুটিত সংঘটিত হোৱা দুই ভগ্নীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক লৈ কোকৰাঝাৰ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ কোকৰাঝাৰ জিলাৰ অতি ভিতৰুৱা গাঁও অভয়াকুটিত সংঘটিত হৈছিল এই মৰ্মান্তিক ঘটনাটো ৷ ইতিমধ্যে উক্ত ঘটনাটোৰ সৈতে জড়িত দোষীক উপযুক্ত শাস্তিৰ দাবীত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

অভয়াখুটি ধৰ্ষণকাণ্ড: দোষীক ফাঁচি প্ৰদানৰ দাবী এবিএমছু আৰু আৰএমচিৰ

ঠিক একেদৰে ঘটনাটোৰ বিৰুদ্ধে শনিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত বিটিআৰৰ দুটাকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ সংগঠন সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু) আৰু সদৌ বিটিআৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ (আৰ এম চি)ৰ ৷ এবিএমছুৰ কেন্দ্ৰীয় সভাপতি মহিদুল ইছলাম আৰু আৰএমছিৰ কেন্দ্ৰীয় সভাপতি আব্দুল আৱাল মণ্ডলৰ নেতৃত্বত শনিবাৰে সংগঠন দুটাৰ এক সজাতি দল অভয়াখুটিত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ৷

দুৰ্ভগীয়া পৰিয়ালক সাক্ষাৎ কৰাৰ অন্তত সংগঠন দুটাৰ সভাপতিদ্বয়ে সংবাদমাধ্যমৰ আগত যোৱা ১১ জুনত সংঘটিত হোৱা এই নিৰ্মম তথা জঘন্য ঘটনাক একেমুখে গৰিহনা দি ঘটনাৰে জড়িত দোষীক কঠোৰ আইনী শাস্তি প্ৰদানৰ দাবী জনায় ৷ দুয়োগৰাকী নেতৃত্বই ঘটনাৰ সতে জড়িত হত্যাকাৰী কোনোপধ্যেই যাতে সাৰি যাব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰ তথা আৰক্ষী প্ৰশাসনক উক্ত ঘটনাক ফাষ্ট ট্ৰেক আদালতৰ আওঁতালৈ নি হত্যাকাৰীক ফাঁচিকাঠত ওলোমোৱাৰ দাবী তোলে ৷

উল্লেখ্য যে, কোকৰাঝাৰৰ অভয়াখুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তিনি মূল অভিযুক্তৰ অন্যতম ফৰিজুল ৰহমান (22) নামৰ অভিযুক্তজন কিছুদিন পূৰ্বে কোকৰাঝাৰত আৰক্ষীৰ হাতত গুলীবিদ্ধ হৈছিল ৷ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ অৱশেষত ৰহস্যভেদ হৈছে । বিগত 11 জুনত কোকৰাঝাৰ থানাৰ অভয়াখুটিত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই টুইটযোগে উক্ত ঘটনাটো ধৰ্ষণ আৰু হত্যা বুলি অভিহিত কৰে ৷

লগতে পঢ়ক : কিয় আঁঠুকাঢ়ি সেৱা ল’লে শিক্ষা মন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.