ETV Bharat / state

কৰিমগঞ্জ শ্ৰীগৌৰী সামূহিক চিকিৎসালয়ত উত্তেজনা

author img

By

Published : Jul 26, 2021, 1:17 PM IST

Badarpur accident case
শ্ৰীগৌৰী সামূহিক চিকিৎসালয়ত উত্তেজনা

দেওবাৰে নিশা কৰিমগঞ্জত সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷ দুজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ শ্ৰীগৌৰী সামূহিক চিকিৎসালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ পৰিয়াল তথা স্থানীয় ৰাইজৰ অভিযোগ, হাস্পতাল কতৃপক্ষৰ গাফিলতিৰ বাবে প্ৰাণ হেৰুৱাইছে দুই যুৱকে ৷

কৰিমগঞ্জ,2 6 জুলাই : দেওবাৰে নিশা কৰিমগঞ্জ শ্ৰীগৌৰী সামূহিক চিকিৎসালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ দুজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তেজনা ৷ উত্তেজিত ৰাইজে ভাঙি তহিলং কৰে হাস্পতালখনৰ আচবাব ৷

শ্ৰীগৌৰী সামূহিক চিকিৎসালয়ত উত্তেজনা

উত্তেজিত ৰাইজৰ অভিযোগ হাস্পতাল কতৃপক্ষৰ গাফিলতিৰ বাবে প্ৰাণ হেৰুৱাইছে দুই যুৱকে ৷ মৃত দুই যুৱক হৈছে বিশাল নাথ আৰু দীপাজন ঘোষ ৷ কেৱল হাস্পতাল খনৰ আচবাবে ভঙাই নহয়, দুই যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি হাস্পতাল কতৃপক্ষকো প্ৰহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে হাস্পতাল কতৃপক্ষই ৷

ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে নিশা প্ৰায় 12 বজাত কৰিমগঞ্জৰ বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ বদৰপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাছ ষ্টেণ্ডৰ সমীপতে দুখন বাইকৰ মুখামুখি সংঘর্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ এই পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত হয় দুই বাইক আৰোহী ৷

লগতে পঢ়ক : নিচাসক্ত পুত্ৰই আক্ৰমণ চলালে পিতৃ-মাতৃক

স্থানীয় ৰাইজৰ তৎপৰতাত দুই বাইক আৰোহীক ততাতৈয়াকৈ শ্ৰীগৌৰী সামূহিক চিকিৎসালয়লৈ লৈ অনা হয় ৷ চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে দুৰ্ঘটনাত পতিত ব্যক্তি দুজনক ৷ ইয়াৰ পাচতেই এক হুলস্থুলীয়া পৰিৱেসৰ সৃষ্টি হয় হাস্পতালখনত ৷ ৰাইজৰ অভিযোগ চিকিৎসালয় কতৃপক্ষৰ গাফিলতিৰ বাবেই মৃত্যুক সাৱটিলে বিশাল নাথ আৰু দীপাজন ঘোষে ৷

Badarpur accident case
শ্ৰীগৌৰী সামূহিক চিকিৎসালয়ত উত্তেজনা

দুই ব্যক্তিৰ মৃত্যক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰে হাস্পতাখন ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় কৰিমগঞ্জ আৰক্ষী ৷ কিন্তু উত্তেজিত লোকে আৰক্ষী আৰু হাস্পতাল কতৃপক্ষকো আক্ৰমণ কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে উত্তেজিত ৰাইজৰ এপৰত লাঠিচালনা কৰিবলৈ বাধ্য হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷

লগতে পঢ়ক : আত্মগোপনৰ শেষত আৰক্ষীৰ জালত পৰিল বাবু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.