ETV Bharat / state

Suspected Jihadi Arrested : জেহাদীৰ লগত জড়িতৰ অভিযোগত বাঙ্গালুৰুত আটক কাটিগড়াৰ যুৱক

author img

By

Published : Jul 28, 2022, 1:10 PM IST

জেহাদী সংগঠনৰ সৈতে জড়িত থকাৰ সন্দেহত চেণ্ট্ৰেল ক্ৰাইম ব্ৰাঞ্চে বাঙ্গালুৰুত গ্ৰেপ্তাৰ কৰে আক্তাৰ হুছেইন (Central Crime Branch Arrested Assam youth relation with Jihadi) নামৰ যুৱকজনক । আক্তাৰ হুছেইনৰ ঘৰ কাছাৰৰ কাটিগড়াৰ তেলিটিকৰ এলেকাত । চেণ্ট্ৰেল ক্ৰাইম ব্ৰাঞ্চে বিগত ২৬ জুলাইত গ্ৰেপ্তাৰ কৰে আক্তাৰ হুছেইনক ।

15946331
Jihadi

কৰিমগঞ্জ, ২৮ জুলাই : মৈৰাবাৰী মাদ্ৰাছাৰ মুফটি জোহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ বাঙ্গালুৰুত গ্ৰেপ্তাৰ হ'ল অসমৰ আন এজন যুৱক । চেণ্ট্ৰেল ক্ৰাইম ব্ৰাঞ্চৰ (Central Crime Branch arrested Assam youth)ৰ হাতত গ্ৰেপ্তাৰ হয় অসমৰ যুৱকজন ।

উল্লেখ্যে, জেহাদী সংগঠনৰ সৈতে জড়িত থকাৰ সন্দেহত চেণ্ট্ৰেল ক্ৰাইম ব্ৰাঞ্চে বাঙ্গালুৰুত গ্ৰেপ্তাৰ কৰে আক্তাৰ হুছেইন (Central Crime Branch Arrested Assam youth relation with Jehadi) নামৰ যুৱকজনক । আক্তাৰ হুছেইনৰ ঘৰ কাছাৰৰ কাটিগড়াৰ তেলিটিকৰ এলেকাত । চেণ্ট্ৰেল ক্ৰাইম ব্ৰাঞ্চে বিগত ২৬ জুলাইত গ্ৰেপ্তাৰ কৰে আক্তাৰ হুছেইনক ।

আনহাতে, জেহাদী সংগঠনৰ সৈতে যোগাযোগৰ কথা অস্বীকাৰ কৰিছে আক্তাৰ হুছেইনৰ পৰিয়ালৰ লোকে । ধৃত আক্তাৰৰ মাতৃয়ে জনোৱা মতে, যোৱা শনিবাৰলৈকে ফোনত কথা পাতিছিল পুত্ৰ আক্তাৰ হুছেইনে । তেতিয়ালৈকে সকলো ঠিকে থকা বুলি জনায় মাতৃয়ে । কিন্তু হঠাৎ যোৱা দুদিন ধৰি তেওঁ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ যায় (Karimganj Aktar Hussain arrested by Crime Branch at Bangaluru) ।

জেহাদীৰ লগত জড়িতৰ অভিযোগত বাঙ্গালুৰুত আটক কাটিগড়াৰ যুৱক

উল্লেখ্য, এই বছৰতে আক্তাৰ হুছেইনৰ ভাতৃয়েও বাঙ্গালুৰুত ব্যক্তিগত এটা প্ৰতিষ্ঠানত কৰ্মত যোগ দিয়ে । এই সন্দৰ্ভত অৱশ্যে আক্তাৰৰ জেহাদী সংযোগৰ কথা তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে অস্বীকাৰ কৰে । ইফালে ক্ৰাইম ব্ৰাঞ্চৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত কাটিগড়া আৰক্ষীয়ে জেৰা চলাইছে মাতৃসহ আক্তাৰৰ আত্মীয়ক ।

তদ্ৰুপ ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ নিকটৱৰ্তী চহৰীয়াগাঁৱত । জমিউল হুদা নামৰ মাদ্ৰাছাখনত মৰিগাঁও জিলা আৰক্ষীয়ে অভিযান চলায় (Madrassa sealed in Morigaon)৷ মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাৰ জেহাদী সংগঠন লগতৰ সম্পৰ্ক থকাৰ দাবী অসম আৰক্ষীৰ (Police suspect linkman Mufti Mustafa) ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মুফতিৰ বেংক একাউণ্টত বাংলাদেশৰ আমিৰ উদ্দিন নামৰ এজন লোকৰ লগতে বিভিন্ন দেশৰ পৰা ধন সোমাৱাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে (Police arrested Madrasa head Mufti Mustafa)৷ ইয়াৰ পূৰ্বেও মাদ্ৰাছাখন জেহাদী সংগঠনৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় লোকে (Jihadi activities from madrasa in Morigaon) ৷ তাৰ পিছত মাদ্ৰাছাখনৰ পৰা জেহাদী কাৰ্যকলাপ চলাই অহাৰ অভিযোগত আৰক্ষীয়ে মুফতিজনক গ্ৰেপ্তাৰ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.