ETV Bharat / state

পাথাৰকান্দিত এখন দলঙৰ বাবে যোগাযোগ বিচ্ছিন্ন সহস্ৰাধিক লোকৰ

author img

By

Published : Feb 27, 2021, 5:46 PM IST

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ নাৰাইনপুৰ ছাগলমৰা পথটোৰ এখন দলং হঠাতেই খহি পৰাত যোগাযোগ বিচ্ছিন্ন কেইবাখনো গাঁৱৰ সহস্ৰাধিক লোকৰ । ২০১৬ চনতে প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত প্ৰায় দুই কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা নাৰাইনপুৰ ছাগলমৰা পথটোৰ এতিয়া এই অৱস্থাই সকলোকে বিপাঙত পেলাইছে ।

পাথাৰকান্দিত এখন দলঙৰ বাবে যোগাযোগ বিচ্ছিন্ন সহস্ৰাধিক লোকৰ
পাথাৰকান্দিত এখন দলঙৰ বাবে যোগাযোগ বিচ্ছিন্ন সহস্ৰাধিক লোকৰ

কৰিমগঞ্জ, ২৭ ফেব্ৰুৱাৰী : চৰকাৰ সলনি হয় যদিও সলনি নহয় ৰাজ্যৰ আমোলা-বিষয়া তথা কৰ্মচাৰী । সমান্তৰালকৈ অপৰিৱৰ্তিত হৈ থাকে পথৰ দুৰৱস্থা । বছৰ বছৰ ধৰি আমোলা-বিষয়া তথা কৰ্মচাৰীৰ বিৰুদ্ধে আঁচনি ৰূপায়ণৰ নামত সংঘটিত হয় লুণ্ঠনৰাজৰ । এনেকৈয়ে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ নাৰাইনপুৰ ছাগলমৰা পথটোৰ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । উক্ত এলেকাত হঠাতেই খহি পৰা এখন দলঙৰ বাবে যোগাযোগ বিচ্ছিন্ন কেবাখনো গাঁৱৰ সহস্ৰাধিক লোকৰ । ২০১৬ চনতে প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত প্ৰায় দুই কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা নাৰাইনপুৰ ছাগলমৰা পথটোৰ এতিয়া এই অৱস্থাই সকলোকে বিপাঙত পেলাইছে ।

পাথাৰকান্দিত এখন দলঙৰ বাবে যোগাযোগ বিচ্ছিন্ন সহস্ৰাধিক লোকৰ

সেই সময়ৰ কংগ্ৰেছৰ বিধায়ক তথা গড়কাপ্তানি বিভাগৰ সংসদীয় সচিব মনিলাল গোৱালাৰ কাৰ্যকালত অতি নিম্নমানৰ নিৰ্মাণকাৰ্যৰে নিৰ্মাণ হৈছিল পথচোৱা । দলংখন নিৰ্মাণত ৰড ব্যবহাৰ হোৱা নাছিল বুলিও অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ । বৃহস্পতিবাৰে মাজনিশা হঠাতেই দলংখন খহি পৰে । যাৰবাবে যোগাযোগ বিচ্ছিন্ন হৈ পৰে প্ৰায় পাঁচখনকৈ গাঁৱৰ সাধাৰণ লোককে ধৰি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ । ইফালে, ৰোগী অনা-নিয়াৰ ক্ষেত্ৰতো চৰম অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে এই এলেকাৰ জনসাধাৰণ । এই পথচোৱাৰ সমাধান বিচাৰি বিভাগীয় কৰ্তৃপক্ষৰ লগতে সমষ্টিৰ বিধায়ক সকলোৰে কাষ চাপিও বিফল হৈছে স্থানীয় ৰাইজ ।

যি সময়ত বিজেপি চৰকাৰখনে ৰাজ্যখনত বাট-পথ উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই আহিছে, তেনে সময়ত পাথাৰকান্দি সমষ্টিৰ নাৰাইনপুৰ ছাগলমৰা পথটোৰ এই অৱস্থা । নিৰ্বাচনৰ সময়ত ৰাইজৰ কাষলৈ ভোট বিচাৰি আহি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও, নিৰ্বাচিত হোৱাৰ পাচত সমষ্টিৰ ৰাইজক পাহৰি যায় এইসকল নেতাই ।

লগতে পঢ়ক:অসমত বিজেপি দলে ১০০+ আসন দখল কৰিব: ৰঞ্জিত দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.