ETV Bharat / state

অসম-মিজোৰাম সীমান্তৱৰ্তী ৰাঙ্গামাটিত পথ অৱৰোধ

author img

By

Published : Jul 28, 2021, 1:37 PM IST

roadblocks
অসম মিজোৰাম সীমান্তৱৰ্তী কৰিমগঞ্জৰ ৰাঙ্গামাটিত পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তৱৰ্তী ৰাঙ্গামাটি এলেকাত অৰ্থনৈতিক অৱৰোধ গড়ি তুলিছে বিশ্ব হিন্দু পৰিষদ আৰু বজৰঙ দল নামৰ দুটাকৈ হিন্দুত্ববাদী সংগঠনে । অসম আৰক্ষীৰ হত্যাকাৰী সকলক গ্ৰেপ্তাৰ নকৰালৈকে তেওঁলোকৰ এই অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলিও সকীয়াই দিয়ে সংগঠন দুটাই ।

কৰিমগঞ্জ, ২৮ জুলাই : অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰৰ (Lailapur) ঘটনাকলৈ সম্প্ৰতি অসমৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ হৈছে । বিভিন্ন দল সংগঠনে মিজোৰাম চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰা দেখা গৈছে । মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত ৬ গৰাকীকৈ অসম আৰক্ষীৰ জোৱান নিহত হোৱা ঘটনাক কোনেও যেন সহজভাৱে ল'ব পৰা নাই । যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত বুধবাৰে দেখা গৈছে ব্যাপক প্ৰতিবাদ ।

বিভিন্ন জিলাৰ লগতে কৰিমগঞ্জ জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী ৰাঙ্গামাটি এলেকাত অৰ্থনৈতিক অৱৰোধ (Economic roadblocks) গড়ি তুলিছে বিশ্ব হিন্দু পৰিষদ (Vishwa Hindu Parishad) আৰু বজৰঙ দল (Bajrang Dal) নামৰ দুটাকৈ হিন্দুত্ববাদী সংগঠনে । অসম আৰক্ষীৰ হত্যাকাৰী সকলক গ্ৰেপ্তাৰ নকৰালৈকে তেওঁলোকৰ এই অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলিও সকীয়াই দিছে সংগঠন দুটাই । লগতে এই ঘটনাক গৰিহণা দিয়ে দুয়োটা সংগঠনে ৷

লাইলাপুৰত মিজো আৰক্ষীৰ বৰ্বতাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰীসকল । যেতিয়ালৈ অসম আৰক্ষীৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি নাপায় তেতিয়ালৈ এই পথ অৱৰোধ অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে সংগঠনৰ নেতাসকলে ।

ইফালে অতি শীঘ্ৰে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীকো কঠোৰ পদক্ষেপ ল'বলৈ আহ্বান জনায় দুয়ো দলৰ নেতৃত্বই । ইয়াৰোপৰি মিজোৰামক এই পথ অৱৰোধৰ জৰিয়তে সংগঠন কেইটাই সকীয়াই দিয়াৰ লগতে ভৱিষ্যতে অসমৰ ভূমিত মিজোৰামৰ আগ্ৰাসন সহ্য কৰা নহ'ব বুলিও দাবী জনায় দুয়োটা সংগঠনে । উল্লেখ্য যে, সীমা বিবাদক লৈ সোমবাৰে অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে অতৰ্কিতে অসম আৰক্ষীৰ ওপৰত উপৰ্যুপৰি গুলীবৰ্ষণ কৰে ৷

এই ঘটনাত ৬ জন অসম আৰক্ষী নিহত হোৱাৰ লগতে এগৰাকী সাধাৰণ লোকো নিহত হৈছিল ৷ এই ঘটনাত বহু আৰক্ষী আৰু সাধাৰণ লোক আহত হৈ সম্প্ৰতি হাস্পতালত চিকিৎসাধীন হৈ আছে । এই ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও (Himanta Biswa Sarma) লাইলাপুৰ অঞ্চলত উপস্থিত হৈ ঘটনাৰ বুজ লৈছে লগতে মৃতকৰ পৰিয়াললৈ আৰু আহত সকললৈ আৰ্থিক অনুদানৰ ঘোষণা কৰে ।

লগতে পঢ়ক :সীমা সংঘাতৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ জগৰীয়া কৰিলে ৰাইজৰ দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.