ETV Bharat / state

ভোটাৰৰ সমান্তৰালকৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাৰ্থী তথা জনপ্ৰতিনিধিয়ে

author img

By

Published : Oct 21, 2019, 1:33 PM IST

ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ চাৰিওটা সমষ্টিৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৰঙাপৰাত ভোটাধিকাৰ সাব্যস্ত কৰে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীয়ে ৷ লগতে ৰাতাবাৰী সমষ্টিত বিজেপিৰ জয় নিশ্চিত বুলি ব্যক্ত কৰে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰে ৷

ৰঙাপাৰা আৰু ৰাতাবাৰীত ভোটাধিকাৰ সাব্যস্ত প্ৰাৰ্থী কাৰ্তিক কুৰ্মী আৰু বিজয় মালাকাৰৰ

নিউজ ডেস্ক, 21 অক্টোবৰঃ ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ চাৰিওটা সমষ্টিৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত ৰঙাপৰাৰ নামনিগাঁৱত থকা নামনিগাঁও প্ৰাথমিক বিদ্যালয়ৰ পূৱ কেন্দ্ৰত ভোটাৰ ৰাইজৰ সৈতে শাৰীপাতি ভোটদান কৰে কংগ্ৰেছৰ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীয়ে ৷ ৰঙাপৰা সমষ্টিত ১৯৭ টা ভোট গ্ৰহণ কেন্দ্ৰত ১ লাখ ৫৫ হাজাৰ ২৬৭ গৰাকী ভোটাৰে পাঁচ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷

ৰঙাপাৰাত ভোটদান কৰে কাৰ্তিক কুৰ্মীয়ে

আনহাতে ৰাতাবাৰী সমষ্টিত ভোটাৰৰ প্ৰতিক্ৰিয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিটোত বিজেপিৰ জয় নিশ্চিত বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰে ৷

বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ প্ৰতিক্ৰিয়া

ৰাতাবাৰী সমষ্টিৰ 650 নং গংগা হিন্দী এল পি স্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে সাংসদ কৃপানাথ মাল্লাই ৷ সাংসদ গৰাকীৰ লগত থাকে প্ৰাৰ্থী বিজয় মালাকাৰ ৷

ভোটাধিকাৰ প্ৰয়োগ কৰিলে সাংসদ কৃপানাথ মাল্লাই
Intro:Body:Slug---RATABARI BYPASS ELECTION

ৰাতাবাড়ি উপনির্বাচনত বিজেপি প্রার্থী বিজয় মালাকাৰৰ প্রতিক্রিয়াConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.