ETV Bharat / state

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ বিৰুদ্ধে কৰিমগঞ্জত মহিলাৰ প্ৰতিবাদ

author img

By

Published : Jun 19, 2021, 10:43 PM IST

protest-against-the-micro-finance-at-karimganj
মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিচত কৰিমগঞ্জত মহিলাৰ প্ৰতিবাদ

মাইক্ৰ'ফাইনেঞ্চক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিছত কৰিমগঞ্জৰ বদৰপুৰত মহিলাসকলৰ প্ৰতিবাদ ৷ মাইক্ৰ'ফাইনেঞ্চক লৈ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পাহৰিলে মুখ্যমন্ত্ৰীয়ে ।

কৰিমগঞ্জ, 19 জুন : বৰ্তমান সময়ত বহুচৰ্চিত তথা অন্যতম এটা বিষয় হৈছে মাইক্ৰ'ফাইনেঞ্চ (Micro Finance) ৷ ভিন্ন প্ৰান্তত মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফৰ দাবীক লৈ তৎপৰ হৈ পৰিছে মহিলাসকল ৷ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি দিছিল সাধাৰণ ৰাইজক ৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহিলাসকলে ।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিচত কৰিমগঞ্জত মহিলাৰ প্ৰতিবাদ

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কিছু চৰ্ত সাপেক্ষে ঋণ মাফ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতেই তৎপৰ হৈ পৰিছে মহিলাসকল ৷ মুখ্যমন্ত্ৰীয়ে মাইক্ৰ'ফাইনেঞ্চক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাচতেই শনিবাৰে পুনৰ কৰিমগঞ্জৰ বদৰপুৰত মহিলাসকলে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ অসমৰ দুখীয়া মহিলাৰ মাইক্ৰ'ফাইনেঞ্চ(micro finance)ৰ ঋণ(loan) ওভোতাই দিবলৈ বদ্ধপৰিকৰ অসম চৰকাৰ(Assam govt) ।

শুকুৰবাৰে এই কথা পুনৰবাৰ জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) । মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰকৃততে অসমৰ মহিলাৰ হাতত থকা ঋণৰ পৰিমাণ ৮,২৫০ কোটিহে । এই পৰিমাণ পূৰ্বে ১২,৫০০ কোটি আছিল বুলি অনুমান কৰা হৈছিল ৷

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বন্ধন বেংক(Bandhan bank), নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংক(North east small finance bank) আৰু মাইক্ৰ'ফাইনেঞ্চ (Micro finance) অনুষ্ঠানসমূহৰ সংস্থা এমএফআইএন(MFIN) ৰ প্ৰতিনিধিৰে হোৱা আলোচনাৰ পাচত প্ৰকৃত ঋণৰ পৰিমাণ জানিব পৰা গৈছে ৷

মাইক্ৰ’ফাইনেঞ্চক লৈ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে পাহৰা বুলি প্ৰকাশ কৰে কৰিমগঞ্জৰ মহিলা প্ৰতিবাদকাৰীসকলে । শনিবাৰে কৰিমগঞ্জৰ বদৰপুৰৰ মহিলাসকলে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আজি পৰ্যন্ত মুখ্যমন্ত্রীয়ে পূৰণ কৰিব পৰা নাই ৷ সম্প্ৰতি মন্তব্য সলনি কৰি চৰ্ত সাপেক্ষে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ মন্তব্যই তোলপাৰ লগাইছে ৰাজ্য ।

লগতে পঢ়ক: কি কি চৰ্তত ৰেহাই হ'ব Microfinance ৰ ঋণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.