ETV Bharat / state

কৰিমগঞ্জত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Nov 29, 2020, 4:34 PM IST

কৰিমগঞ্জত পথ নিৰ্মাণত সংঘটিত ব্যাপক দুৰ্নীতি ৷ বিভাগীয় ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য চলাই নিয়াৰ অভিযোগ প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷

pmgsy-scheme-corruption-in-karimganj
কৰিমগঞ্জত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

কৰিমগঞ্জ, 29 নৱেম্বৰ : কৰিমগঞ্জত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মীয়মান পথৰ কামত ব্যাপক অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বিভাগীয় বিষয়াৰ লগত মিতিৰালিৰে ঠিকাদাৰে নিম্নমানৰ কাম চলাই যোৱাৰ অভিযোগ ৷

স্থানীয় ৰাইজৰ মন্তব্য

তথ্য অনুসৰি, প্ৰায় 2 কোটি 80 লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰি থকা হৈছ পূৱ ফৰিদকোনা সংযোগী পথৰ নিৰ্মাণ কাৰ্য ৷ কিন্তু ঠিকাদাৰে শিলগুটি ব্যৱহাৰ নকৰাকৈ কেৱল মাটিৰ ওপৰত ব্লক বহুৱাই পথৰ নিৰ্মাণ কাৰ্য চলাই থকা বুলি অভিযোগ প্ৰদান কৰিছে ৰাইজে ৷ আনকি, পথ নিৰ্মাণত মাটি মিহলোৱা চিমেন্ট ব্যৱহাৰ কৰা বুলিও অভিযোগ প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷ যাৰ বাবে শীঘ্ৰে বিভাগীয় কতৃপক্ষৰ হস্তক্ষেপত বিষয়টোৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে সংবাদ মাধ্যমযোগে আহ্বান জনাইছে ৷

লগতে পঢ়ক : কাকজানত পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত 10

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.