ETV Bharat / state

কৰিমগঞ্জত পথ নিৰ্মাণত দুৰ্নীতি

author img

By

Published : Jan 27, 2021, 2:31 PM IST

কৰিমগঞ্জত পথ নিৰ্মাণত দুৰ্নীতি
কৰিমগঞ্জত পথ নিৰ্মাণত দুৰ্নীতি

কৰিমগঞ্জত পথ নিৰ্মাণত সংঘটিত হৈছে দুৰ্নীতি ৷ ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই মিলি কোটি-কোটি টকা আত্নসাৎ কৰি আধৰুৱাকৈ পথ নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

কৰিমগঞ্জ,27জানুৱাৰী: বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰে মিলি চৰকাৰৰ কোটি-কোটি টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে । গড়কাপ্তানী বিভাগৰ অভিযন্তা আৰু ঠিকাদাৰে মিলি চৰকাৰৰ কোটি-কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ উঠাই লৈছে ধন । জনপ্ৰতিনিধিৰ সহযোগত অভিযন্তা আৰু ঠিকাদাৰে মিলি ধন আত্মসাৎ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে । এনে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত নিৰ্মাণ হোৱা এক কামত ।

কৰিমগঞ্জত পথ নিৰ্মাণত দুৰ্নীতি

উল্লেখ্য যে, পাথাৰকান্দি সমষ্টিৰ অসম,মিজোৰাম-ত্ৰিপুৰা সীমান্তৱৰ্তী এলেকাৰ বালিপিপলা গাঁৱৰ অসম-ত্ৰিপুৰা সীমান্তত প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত পেকেজ নং AS-13-23 আৰু AS-13-49ৰ অধিনত দুটা কামৰ ঠিকা লাভ কৰিছিলে ৰেজাউল কৰিম আৰু গ্ল'বেল কনষ্ট্ৰাকশন কোম্পানীয়ে । কিন্তু পথ দুটাৰ কাম নকৰাকৈয়ে ঠিকাদাৰে উঠাই লয় ধন ৷ অভিযোগ অনুসৰি ঠিকাদাৰ জনে চৰকাৰৰ নীতি-নিয়ম পালন নকৰাকৈয়ে সামান্য শিল-বালি পেলাই কিছু পথ নিৰ্মাণ কৰা দেখুৱাই ধন আত্মসাৎ কৰিছে বুলি স্থানীয় লোকে উত্থাপন কৰে এই অভিযোগ ৷

ইফালে, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে এই পথ দুটা নিৰ্মাণৰ ক্ষেত্ৰত বহু দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰে ৷ ঠিকাদাৰে ধন আত্মসাৎ কৰি নিম্মমানৰ সামগ্ৰীৰে পথটো আধৰুৱাকৈ নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

অন্য এক খবৰৰ বাবে: ছ'চিয়েল মিডিয়াত চিনাকী হোৱা নাবালিকাক ধৰ্ষণ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.