ETV Bharat / state

কৰিমগঞ্জত ডি এল এড শিক্ষাৰ্থীৰ হাহাকাৰ

author img

By

Published : Oct 10, 2019, 9:17 PM IST

কৰিমগঞ্জত ডি এল এড শিক্ষাৰ্থীৰ হাহাকাৰ

ঘোষিত নহল কালিগঞ্জ ডায়েট'ৰ 150 গৰাকী শিক্ষাৰ্থীৰ ফলাফল ৷

কৰিমগঞ্জ, 10 অক্টোবৰ: বৃহস্পতিবাৰে ৰাজ্যজুৰি ঘোষণা কৰা হ'ল ডি এল এড পাঠ্যক্ৰমৰ পৰীক্ষাৰ ফলাফল ৷ ফলাফল ঘোষণাৰ দিনটোতে কৰিমগঞ্জত 150জন পৰীক্ষাৰ্থীৰ মাজত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ ৷ জিলাখনৰ কালিগঞ্জ ডায়েট'ৰ অন্তৰ্গত 150 গৰাকী শিক্ষাৰ্থীৰ ঘোষণা কৰা নহল ডি এল এডৰ ফলাফল ৷ যাৰ ফলত নিজ ভৱিষ্যতৰ শংকাত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদত নামি পৰে ভুক্তভূগী শিক্ষাৰ্থীসকল ৷ কেন্দ্ৰটোৰ দায়িত্বত থকা তাজউদ্দিন লস্কৰে সংঘটিত কৰা বিত্তীয় কেলেংকাৰীৰ ফলস্বৰূপেই তেওঁলোকৰ সম্পূৰ্ণ দুটা শিক্ষাবৰ্ষ নষ্ট হৈ যোৱাৰ অভিযোগ কৰে ফলাফল নাপাই হতাশ হৈ পৰা শিক্ষাৰ্থীসকলে ৷ একাংশ ছাত্ৰ-ছাত্ৰীয়ে সাংবাদিকৰ আগত জনাই যে ডি এল এড পাঠ্যক্ৰম গ্ৰহণ কৰিবৰ বাবে তেওঁলোকে প্ৰদান কৰা সমুদাই মাচুল জিলা শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰৰ দায়িত্বত থকা তাজ উদ্দিন লস্কৰে সৰকাই নিয়ে যাৰ পৰিণতিত কেন্দ্ৰটোৰ 150 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী নিজ প্ৰাপ্য ফলাফলৰ পৰা বঞ্চিত হৈ ৰয় ৷ এই ঘটনাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলটোতেই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অতি শীঘ্ৰে দোষীক শাস্তিৰ দাবী জনাইছে এইসকল ফলাফল বঞ্চিত শিক্ষাৰ্থীয়ে ৷

ঘোষিত নহল কালিগঞ্জ ডায়েট'ৰ 150 গৰাকী শিক্ষাৰ্থীৰ ফলাফল
Intro:Body:SLUG : DLED STUDENTS RESULT PENDING. 


কৰিমগঞ্জত SCRT'ৰ  150 গৰাকী DLED শিক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰিস্থিতি । ৰাজ্য জুৰি  DLED পৰীক্ষাৰ্থীৰ ফলাফল ঘোষনা হৈছে যদিও কৰিমগঞ্জৰ কালিগঞ্জ ডায়েট'ৰ অন্তৰ্গত 150 গৰাকী শিক্ষাৰ্থীৰ ফলাফল ঘোষনা কৰা নহল । কেন্দ্ৰটোৰ দায়িত্বত থকা  তাজ উদ্দিন লস্কৰে সংঘটিত কৰা বিত্তীয় কেলেংকাৰীৰ ফলত কেন্দ্ৰটোৰ 150 গৰাকী ছাত্ৰ ছাত্ৰীৰ দুটা বছৰ সম্পূৰ্ণ নষ্ট হৈ গৈছে । অভিযোগ অনুসৰি দুই বছৰীয়া  DLED COURSE'ৰ বাবে  ছাত্ৰ ছাত্ৰীয়ে প্ৰদান কৰা ফিজ SCRT কৃতপক্ষক প্ৰদান নকৰাকৈ সমুহ ধন কেন্দ্ৰটোৰ দায়িত্বত থকা তাজ উদ্দিন লস্কৰে সৰকাই দিছিল । যাৰ ফলত 150 গৰাকী ছাত্ৰ ছাত্ৰীৰ ফলাফল ঘোষনা কৰা হোৱা নাই । এই ঘঠনাই স্বাভাৱিক অৰ্থত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ । বিষয়টো সন্দৰ্ভত একাংশই ক্ষোভ উজাৰি জনাই কয় ......


Date : 10.10.19 আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.