Karbi peace accord : আদৰণি বনাম প্ৰতিবাদ !

author img

By

Published : Sep 6, 2021, 8:01 PM IST

Updated : Sep 6, 2021, 10:51 PM IST

karbi peace accord faces mixed reaction in karbi hills

শান্তিচুক্তিকলৈ কাৰ্বি পাহাৰত অব্যাহত মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ এফালে উষ্ম আদৰণি, আনফালে প্ৰতিবাদ ৷ এই পৰিপ্ৰেক্ষিতত এপিএইছএলচিৰ সভাপতি জে আই কাথাৰ, 24+ অৰ্গেনাইজেছনৰ আহ্বায়ক অবিনাশ ৰংহাঙক গ্ৰেপ্তাৰ ৷

ডিফু, ৬ ছেপ্তেম্বৰ : শান্তি চুক্তিকলৈ কাৰ্বি আংলং জিলাত অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ দশকজোৰা উগ্ৰবাদৰ ইতিহাসৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে দীঘলীয়া শান্তি আলোচনা প্ৰক্ৰিয়াৰ অন্তত যোৱা চাৰি ছেপ্তেম্বৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে কাৰ্বি আংলঙৰ অস্ত্ৰ বিৰত 6 উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তিচুক্তি স্বাক্ষৰ কৰে ৷ যদিও পাহাৰীয়া জিলাখনত সম্প্ৰতি ইয়াৰ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷

আনহাতে, নতুন দিল্লীত চুক্তি স্বাক্ষৰকাৰী দলটোৱে সোমবাৰে পুৱা গুৱাহাটীৰ পৰা ডিফু অভিমুখে যাত্ৰা কৰে ৷ স্বাক্ষৰকাৰী দলটোক প্ৰথমতে সোণাপুৰত সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ লগতে বিভিন্ন দল সংগঠনে জাগীৰোড, পাৰখোৱা কঠিয়াতলী, হাওৰাঘাট, বকলীয়াঘাট আদি কৰি অনেক স্থানত সম্বৰ্দ্ধনা জনোৱা পৰিলক্ষিত হয় ৷ চুক্তি স্বাক্ষৰকাৰী সকলক ডিফুৰ জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত আনুষ্ঠানিক ভাবে আদৰণি জনোৱা হ’ব বুলিও জানি পৰা গৈছে ৷

Karbi peace accord : আদৰণি বনাম প্ৰতিবাদ !

আনহাতে চুক্তি স্বাক্ষৰকাৰী দলটোকলৈ কাৰ্বি আংলঙৰ ৰাজপথত এক আবতৰীয়া দিপাৱলীৰ সৃষ্টি হয় ৷ শাসকীয় পক্ষৰ লগতে চুক্তি স্বাক্ষৰকাৰী সংগঠন সমূহে এই চুক্তিৰ জৰিয়তে পাহাৰীয়া জিলাখনত উন্নয়ণৰ এক নতুন ধাৰাৰ সৃষ্টি হোৱাৰ আশা প্ৰকাশ কৰে ৷

কিন্তু , ইয়াৰ বিপৰীতে চুক্তিখনক মানি নোলোৱাৰ হুংকাৰ দি পাহাৰীয়া জিলাখনৰ একাংশ দল-সংগঠনক চুক্তি স্বাক্ষৰ হোৱাৰ পিছৰে পৰা প্ৰতিবাদমুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে দেওবাৰে দুপৰীয়াৰ ভাগত 24+ সংগঠনৰ এক উমৈহতীয়া মঞ্চই ডিফুৰ ছেমছনছিং ইংতি মেমৰিয়েল পাৰ্কত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ শান্তিচুক্তিত সন্নিৱিষ্ট হোৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে মুকলিকৈ সংৰক্ষিত কৰা ১০ টাকৈ পৰিষদৰ আসনৰ বিৰোধিতা কৰাৰ লগতে চুক্তিৰ এই সুবিধাটো কাৰ্বি অনুসূচীত জনজাতিৰ পৰিপন্থী বুলি সংগঠন কেইটাৰ নেতৃবৰ্গই মন্তব্য কৰিছিল ৷

ইয়াৰোপৰি কাৰ্বি শান্তি চুক্তিৰ বিৰোধিতা কৰি 24+ সংগঠনে ডিফুৰ ৰাজপথত টায়াৰ জলাই প্ৰতিবাদ সাব্যস্থ কৰিছিল ৷ সোমবাৰেও শান্তি চুক্তি কৰা উগ্ৰপন্থী সংগঠন সমূহ গৃহ জিলাখনলৈ ওভতি অহাৰ পৰিপ্ৰেক্ষিতত ডিফুৰ পৰা প্ৰতিবাদী সমদলৰ কাৰ্যসূচী লোৱাৰ খবৰ ওলোৱাৰ লগে লগে জিলা আৰক্ষী প্ৰশাসন অধিক সষ্টম হৈ পৰি জিলাখনৰ নিৰপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে ৷

Karbi peace accord : আদৰণি বনাম প্ৰতিবাদ !

এইলৈ ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় দুয়োটা প্ৰৱেশ দুৱাৰ নিৰাপত্তাৰক্ষীৰে চীল কৰি দিয়া হয় ৷ শান্তি চুক্তি কৰি গৃহ জিলালৈ ওভতি অহা দলটোৰ আদৰণি প্ৰক্ৰিয়াত যাতে বাধাৰ সৃষ্টি নহয়, তাৰ বাবে শান্তি চুক্তিৰ বিপৰীত স্থিতি লোৱা অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্সৰ সভাপতি জেআই কথাৰক আটক কৰি সন্ধিয়ালৈকে ডিফু থানাত আৱদ্ধ কৰা হয় ৷

ইয়াৰোপৰি, 24+ অৰ্গেনাইজেছন নামৰ উমৈহতীয়া মঞ্চৰ আহ্বায়ক অবিনাশ ৰংহাঙক গ্ৰেপ্তাৰ কৰি পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷ অবিনাশৰ বিৰুদ্ধে আৰক্ষীয়ে ডিফু থানাত 254/2021 নম্বৰত এক গোচৰ ৰুজু কৰা বুলিও জানিব পৰা গৈছে ৷ কাৰাগাৰলৈ লৈ যোৱাৰ পথত অবিনাশ ৰংহাঙে আৰক্ষীৰ আৱেষ্টনীৰ মাজৰ পৰা সাংবাদিকক উদ্দেশ্যি তুলিৰাম ৰংহাঙক কঠোৰ সমালোচনা কৰি কয় যে জনজাতি সকলৰ স্বাৰ্থত মাত মতাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে ৷

তেওঁ লগতে কয় যে, জাতিৰ বাবে তেওঁ ১০বাৰ জেললৈ যোৱাত আপত্তি নকৰে ৷ লগে লগে তুলিৰাম ৰংহাঙে কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰিছে বুলি অভিযোগ কৰে অবিনাশ ৰংহাঙে ৷ আনহাতে, সোমবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি-ডংকামোকাম সংযোগী পথৰ ফেলাংপীত কোনো অচিনাক্তলোকে দুডাল প্ৰকাণ্ড গছ কাটি পথ অৱৰোধ কৰি যাতায়ত ব্যাহত কৰি তোলে বুলিও জানিব পৰা গৈছে ৷ উক্ত কাৰ্যও শান্তি চুক্তিৰ বিৰোধিতা কৰিয়েই সংঘটিত কৰা হৈছে বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক : চাৰি মাহত অসম আৰক্ষীয়ে সংঘটিত কৰিলে 53 টা এনকাউন্টাৰ

Last Updated :Sep 6, 2021, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.