চাৰি মাহত অসম আৰক্ষীয়ে সংঘটিত কৰিলে 53 টা এনকাউন্টাৰ

author img

By

Published : Sep 6, 2021, 6:39 PM IST

encounter rate goes up in Assam

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰায় চাৰিমাহ সম্পূৰ্ণ কৰাৰ সময়তে চৰ্চিত হৈ পৰিছে এটা বিষয় ৷ সেয় হ’ল আৰক্ষীৰ এনকাউন্টাৰ ৷ চাৰিমাহত সংঘটিত হোৱা এনকাউন্টাৰৰ পৰিসংখ্যাই আচৰিত কৰি তুলিছে সচেতন মহলক ৷ এই এনকাউন্টাৰৰ বাবে সমালোচনাৰো সন্মুখীন হৈছে আৰক্ষী ৷ কিন্তু এই এনকাউন্টাৰৰ অন্তৰালত কি আছে ? জানো আহক ৷

নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ : হিমন্ত বিশ্বৰ চৰকাৰে প্ৰায় চাৰিটা মাহ সম্পূৰ্ণ কৰিলে ৷ এই চাৰিমাহত ৰাজ্যত চৰ্চিত হৈ পৰিছে এটা বিষয়, সেয়া হ’ল আৰক্ষীৰ এনকাউন্টাৰ ৷ চাৰিমাহত সংঘটিত হৈছে 53 টা এনকাউন্টাৰ ৷ য’ত 22 জনে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে 29 গৰাকী ৷ কিন্তু হঠাৎ কিয় বৃদ্ধি পাইছে এনকাউন্টাৰ ?

ৰাজ্যত দ্বিতীয়বাৰৰ বাবে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাচত সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ আসনত বহিল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাচতেই তেওঁ অংগীকাৰ কৰিলে ৰাজ্যৰ পৰা ড্ৰাগছ, চিণ্ডিকেট আদি বিভিন্ন অপৰাধ আৰু দুৰ্নীতি নিৰ্মূল কৰাৰ ৷ যাৰ বাবে তেওঁ ৰাজ্যৰ গৃহ বিভাগত এক আমুল পৰিৱৰ্তন সাধন কৰিলে ৷ প্ৰথমে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকক সাল-সলনি কৰাৰ লগতে আৰক্ষীৰ শীৰ্ষ মহলতো ৰদ-বদলৰ নিৰ্দেশ দিয়ে ৷ একেদৰে প্ৰশাসনিক বিভাগৰ ক্ষেত্ৰতো জিলা উপায়ুক্ত আৰু অনান্য বহুতো আমোলাৰ ৰদ-বদল কৰা হয় ৷

লগতে পঢ়ক : নতুন SOP মানি মাস্ক পৰিধান কৰি শিক্ষানুষ্ঠানত উপস্থিত শিক্ষাৰ্থী

ইয়াৰ পাচতেই ৰাজ্যত আৰম্ভ হ’ল আন এক অধ্যায় ৷ ৰাজ্যৰ চুকে-কোনে চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ অত দিনে ৰাজ্যত অবাধে চলি অহা ড্ৰাগছৰ সম্ৰাজ্যখন ভাঙি পেলোৱাৰ বাবে আৰক্ষী বদ্ধপৰিকৰ হৈ পৰিল ৷ উদ্ধাৰ হ’ল ড্ৰাগছ, আটক হ’ল বহু সৰবৰাহকাৰী ৷ তাৰ মাজতে সংঘটিত হ’ল বহুকেইটা এনকাউন্টাৰৰ ঘটনা ৷

কেৱল ড্ৰাগছ ব্যৱসায়ীয়েই নহয়, গৰুৰ চোৰাং সৰবৰাহকাৰী, ধৰ্ষণৰ অভিযুক্ত, চুৰি-ডকাইতিৰ অভিযুক্ত আদি বহু অপৰাধৰ সৈতে জড়িত কেইবাটাও অভিযুক্ত বলি হ’ল এনকাউন্টাৰৰ ৷ অসম আৰক্ষীৰ এনকাউন্টাৰৰ বিষয়টো ৰাজ্য জুৰি চৰ্চিত হৈ পৰিল ৷ বহুতেই ইয়াক সমৰ্থন জনালেও বিৰোধী দল কংগ্ৰেছ, ৰাইজৰ দল তথা ব্যক্তি বিশেষে ইয়াক সমালোচনাও কৰা দেখা গ’ল ৷ কিন্তু প্ৰশ্ন হয়, এনকাউন্টাৰৰ মাত্ৰা হঠাৎ বৃদ্ধি পালে কিয় ?

লগতে পঢ়ক : জাগুনৰ নামফাইত লাইকাৰ প্ৰায় 150 টা পৰিয়ালৰ দুৰ্বিসহ জীৱন সংগ্ৰাম

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা শাসনলৈ অহাৰ পাচত ৰাজ্যত সংঘটিত হৈছে অৰ্ধশতাধিক এনকাউন্টাৰৰ ঘটনা ৷ বৰ্তমানলৈকে 22 গৰাকী লোকে এনকাউন্টাৰত প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে 29 গৰাকী ৷ প্ৰায়বোৰ ঘটনা ভালদৰে পৰ্যবেক্ষণ কৰিলে একেই কাৰণ পোৱা যায় ৷ কোনোবাটোত যদি অভিযুক্তই পলাবলৈ চেষ্টা কৰিছে, আন কোনোবাটোত আকৌ অভিযুক্তই কাঢ়ি লৈছে আৰক্ষীৰ অস্ত্ৰ ৷ যাৰ ফলত উপায়ন্তৰ হৈ আত্মৰক্ষাৰ অৰ্থে গুলী চলাবলৈ বাধ্য হৈছে আৰক্ষী ৷ ইতিমধ্যে বিধানসভাৰ মজিয়াতো হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে, আত্মৰক্ষাৰ বাবে গুলী চলাবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰা হৈছে ৷

এতিয়া প্ৰশ্ন হয়, হঠাৎ আৰক্ষীৰ পিস্তল কাঢ়িবলৈ কিয় উদ্যত হৈ পৰিছে ৰাজ্যৰ অপৰাধৰ অভিযুক্ত সকল ? কৰ’বাত আৰক্ষীৰ বিচক্ষণতাত সুৰুঙা ৰৈ গৈছে নেকি, যাৰ বাবে এইদৰে অভিযুক্তই পলাবলৈ বা আৰক্ষীৰ অস্ত্ৰ কাঢ়িবলৈ সুবিধা পাইছে ৷ নে অপৰাধ দমনৰ বাবে এয়া আৰক্ষীৰ এক পৰিকল্পনা ? এই প্ৰশ্নৰ উত্তৰ আছে কেৱল আৰক্ষী প্ৰশাসনৰ হাতত ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত যদি চোৱা যায় তেন্তে এনকাউন্টাৰৰ অভিলেখ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : অখিলে দিনত এটা কথা কয় আৰু ৰাতি এটা কথা কয় : প্ৰদ্যুৎ বৰদলৈ

ক’ত কেনেকৈ সংঘটিত হৈছে এনকাউন্টাৰ ?

চলিত বৰ্ষৰ মে’ মাহৰ 10 তাৰিখে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত চৰকাৰ গঠন হৈছিল ৷ তাৰ পাচৰ পৰা বৰ্তমানলৈকে প্ৰায় 53 টা এনেকুৱা এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে ৷ বিভিন্ন অপৰাধত জড়িত 25 গৰাকী অভিযুক্তৰ 10 গৰাকীৰ ইতিমধ্যে এনকাউন্টাৰত মৃত্যু হৈছে আৰু 15 গৰাকী আহত হৈছে ৷ আৰক্ষীৰ গুলীত নিহত হৈছে 9 গৰাকী উগ্ৰপন্থীৰো ৷ একেদৰে ড্ৰাগছ সৰবৰাহত জড়িত তিনিগৰাকীৰ আৰক্ষীৰ গুলীত মৃত্যু হোৱাৰ লগতে আহত হৈছে আঠ গৰাকী ৷ তাৰোপৰি গৰুৰ চোৰাং বেহা চলোৱা চাৰিগৰাকী লোক আৰক্ষীৰ এনকাউন্টাৰত আহত হৈছে ৷

এই আটাইবোৰ ঘটনাৰ কাৰণ সমূহ প্ৰায় একেধৰণৰ ৷ এনকাউন্টাৰৰ বাবে আৰক্ষী সমালোচনাৰ সন্মুখীন হৈছে যদিও মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিভাগৰ পক্ষত থাকি এই সমালোচনাৰ প্ৰত্যুত্তৰ দি আহিছে ৷ কিন্তু লক্ষ্যণীয় কথাটো হ’ল যে প্ৰায় প্ৰতিটো ঘটনাতে আৰক্ষীৰ উত্তৰ একেই আহে ৷ যিটোে চিন্তিত কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক ৷

কেইটামান এনকাউন্টাৰৰ ঘটনা তলত উল্লেখ কৰা হ’ল :

28 আগষ্টত গোৱালপাৰাত আৰক্ষীৰ এনকাউন্টাৰত নিহত দুটাকৈ ডকাইত

কোকৰাঝাৰত 21 আগষ্টৰ নিশা আৰক্ষীৰ গুলীত নিহত 3 টা ডকাইত

নগাঁৱত আৰক্ষীৰ এনকাউন্টাৰত বৰ্তমানলৈকে প্ৰায় 4 টা অপৰাধী নিহত

ধনশিৰিত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য

দৰং, নলবাৰী, বঙাইগাঁও, হোজাই, মৰিগাঁও, কাৰ্বি আংলং, তিনিচুকীয়া, ধেমাজি, কৰিমগঞ্জ আদি প্ৰায় প্ৰতিখন জিলাতে সংঘটিত এনকাউন্টাৰত বহুকেইটা অপৰাধী নিহত হোৱাৰ লগতে আহত হৈছে কেইবাটাও অপৰাধী ৷ আৰক্ষী সঞ্চালক প্ৰধান আৰু ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ব্যক্ত কৰিছে যে, শূন্য সহনশীল নীতিৰে অপৰাধ ৰোধ তথা অপৰাধীক দমন কৰা হ’ব ৷ তাৰ বাবে প্ৰয়োজনত আৰক্ষীয়ে যিকোনো পদক্ষেপ ল’ব পাৰে বুলিও ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানে কৰিছিল মন্তব্য ৷

লগতে পঢ়ক : ৬৫০ কোটি টকা কাগজ কল কৰ্মচাৰীৰ প্ৰাপ্য; চৰকাৰৰ বদান্যতা নহয় : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.