ETV Bharat / state

Innovative protests by people: জৰাজীৰ্ণ পথত ধান সিঁচি ৰাইজৰ অভিনৱ প্ৰতিবাদ

author img

By

Published : Jul 6, 2022, 10:49 PM IST

জনপ্ৰতিনিধিৰ ওচৰত কৰা আবেদন-নিবেদনে কোনো ফল নধৰিলে (Appeals to the people representatives did not work)৷ দীৰ্ঘদিনে এটা জৰাজীৰ্ণ পথে জলা-কলা খুৱাইছে কৰিমগঞ্জৰ বদৰপুৰবাসী ৰাইজক ৷ জৰাজীৰ্ণ পথত ধান সিঁচি ৰাইজৰ অভিনৱ প্ৰতিবাদ (Innovative protests by people) ৷

public-protest-against-bad-road-condition-of-badarpur-karimganj
কৰিমগঞ্জৰ এটা জৰাজীৰ্ণ পথ: জৰাজীৰ্ণ পথত ধান সিঁচি ৰাইজৰ অভিনৱ প্ৰতিবাদ

কৰিমগঞ্জ, 6 জুলাই : চৰকাৰৰ বিৰুদ্ধে কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিবাসী ৰাইজৰ তীব্ৰ ক্ষোভ ৷ সেয়ে কৰিমগঞ্জৰ বদৰপুৰৰ চৰগোলা ঘোৰামাৰা গাঁও পঞ্চায়তৰ অধীনত নাইৰগ্ৰাম নাথপৰা গাঁৱৰ ৰাইজে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

দীৰ্ঘদিন ধৰি কৰিমগঞ্জৰ বদৰপুৰৰ নাইৰগ্ৰাম নাথপৰা গাঁৱৰ এটা পথে দুৰ্ভোগ ভোগাই আহিছে অঞ্চলটোৰ গঞা ৰাইজক ৷ নিতৌ জৰাজীৰ্ণ পথটোৰে যাতায়ত তথা বিদ্যালয়লৈ যোৱাত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ ৷

বৰ্তমান এই পথটি পথাৰ সদৃশ পৰিবেশলৈ পৰিণত হোৱাত ক্ষোভিত হৈ ৰাইজে ধান চতিয়াই সাব্যস্ত কৰে এক অভিনৱ প্ৰতিবাদ (protests by people by sowing paddy on dilapidated roads) ৷ উক্ত পথটি মেৰামতিৰ বাবে ৰাইজে স্থানীয় বিধায়ক তথা সাংসদৰ ওচৰত বাৰম্বাৰ অনুৰুধ জনাইছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ কেৱল নিৰ্বাচনৰ সময়তহে বিধায়ক তথা সাংসদে ৰাইজৰ দুখ-দুৰ্দশাৰ কথা সুধিবলৈ আহে বুলি উল্লেখ কৰে ৰাইজে ৷ এই জৰাজীৰ্ণ পথটি শীঘ্ৰেই মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাঁতৰ আহ্বান জনায় ৰাইজে ৷

লগতে পঢ়ক : নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঐতিহাসিক জেংৰাইমুখ টাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.