শৰণাৰ্থীৰ আক্ৰমণৰ বলি হোৱা কোন এইসকল খিলঞ্জীয়া ?

author img

By

Published : Jul 28, 2021, 9:37 PM IST

tripura indigenous people become refugees

ত্ৰিপুৰাৰ একাংশ স্থানীয় খিলঞ্জীয়াৰ ওপৰত মিজোৰামৰ পৰা অহা ব্ৰু শৰণাৰ্থী (Bru Refugees)ৰ আক্ৰমণ ৷ ত্ৰিপুৰাৰ দামছড়াত পূৰ্বে আশ্ৰয় দিয়া মিজোৰামৰ ব্ৰু শৰণাৰ্থীসকলে চলোৱা আক্ৰমণৰ ফলত কৰিমগঞ্জৰ মানিকবন্দ প্ৰাথমিক বিদ্যালয়ত শৰণাৰ্থী হিচাপে আশ্ৰয় লৈছে চড়ই, হালাম জনজাতীয় লোকসকলে ৷

কৰিমগঞ্জ, 28 জুলাই : শৰণাৰ্থী (refugees)ৰ আক্ৰমণত খোদ শৰণাৰ্থী হ’ল ত্ৰিপুৰাৰ একাংশ স্থানীয় খিলঞ্জীয়া ৷ এই ঘটনা সংঘটিত হৈছে অসম-ত্ৰিপুৰা-মিজোৰাম ত্ৰিকোণীয়া সীমান্তত ৷ ত্ৰিপুৰাৰ দামছড়াত পূৰ্বে আশ্ৰয় দিয়া মিজোৰামৰ ব্ৰু শৰণাৰ্থী (Bru Refugees)ৰ আক্ৰমণৰ বলি হৈছে স্থানীয় জনজাতীয় লোক ৷ মিজোৰামৰ ব্ৰু শৰণার্থীৰ প্ৰাণঘাতী আক্ৰমণৰ ফলত আশ্ৰয়দাতা চড়ই, হালাম জনজাতীয় লোকসকলে শৰণাৰ্থী ৰূপে কৰিমগঞ্জ জিলাৰ মানিকবন্দত আশ্ৰয় ল’বলগীয়া হৈছে ৷

অসম-ত্ৰিপুৰা-মিজোৰাম ত্ৰিকোণীয় সীমান্ত অঞ্চলৰ পৰা দামছড়াত ব্ৰু শৰণাৰ্থীৰ এটি দলে আক্ৰমণ চলাবলৈ ধৰিছে এইসকল স্থানীয় খিলঞ্জীয়া জনজাতীয় লোকক ৷ এসময়ৰ শৰণার্থীৰ আক্ৰমণত শৰণার্থী হ’ল স্থানীয় ভূমিপুত্ৰসকল । উপায়হীন হৈ নিজ ঠাই এৰি নিশাৰ আন্ধাৰত ত্ৰিপুৰা সীমান্তৰ পৰা লংগাই নৈ পাৰ হৈ অসমত আহি আশ্ৰয় লয় এইসকল জনজাতীয় লোকে । সম্প্ৰতি কৰিমগঞ্জৰ মানিকবন্দ প্ৰাথমিক বিদ্যালয়ত খোপনি পুতিছে এইসকল জনজাতীয় লোকে ৷

ত্ৰিপুৰাৰ খিলঞ্জীয়াক আক্ৰমণ ব্ৰু শৰণাৰ্থীৰ

লগতে পঢ়ক : চৰাইদেউৰ নাগালেণ্ড সীমান্ততো হ’ব পাৰে লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি

উল্লেখ্য যে, কেইবা বছৰ পূৰ্বে ত্ৰিপুৰা আৰু মিজোৰাম চৰকাৰৰ মাজত হোৱা এক চুক্তিৰ পাচতে ত্ৰিপুৰাৰ দামছড়াত আশ্ৰয় লৈছিল মিজোৰামাৰ বহু ব্ৰু শৰণাৰ্থীয়ে ৷ তেওঁলোকৰ মাজৰে বহুতে ঘৰ-বাৰী এৰি পলায়ন কৰাৰ লগতে আন কিছুসংখ্যকে এতিয়াও সন্ধানহীন অৱস্থাত আছে ৷ ইফালে ত্ৰিপুৰাৰ জনজাতীয়সকলে কৰিমগঞ্জৰ শৰণার্থী শিবিৰত আশ্ৰয় লোৱাৰ পাচতে জিলা প্ৰশাসনে শৰণার্থী শিবিৰ পৰিদৰ্শন কৰি বিভিন্ন সা-সামগ্ৰী যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে ৷

ব্ৰু শৰণাৰ্থীসকলৰ আক্ৰমণৰ ফলত এতিয়া দিকবিদিক হেৰুৱাবলগীয়া হৈছে ত্ৰিপুৰাৰ স্থানীয় জনজাতীয় লোকসকলে ৷ কিন্তু বৰ্তমানলৈকে ত্ৰিপুৰাৰ প্ৰশাসনে খবৰ লোৱা নাই এইসকল ভুক্তভোগীৰ ৷ অসম-মিজোৰাম সীমান্তত চলি থকা উত্তেজনাৰ পাচতে অসম-ত্ৰিপুৰা-মিজোৰাম সীমান্তৰ এই ঘটনা হৈ পৰিছে আন এক চিন্তনীয় বিষয় ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তৱৰ্তী ৰাঙ্গামাটিত পথ অৱৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.