ETV Bharat / state

অসম-ত্ৰিপুৰা সীমান্তত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ

author img

By

Published : Jun 24, 2019, 3:02 PM IST

Updated : Jun 24, 2019, 3:18 PM IST

অসম-ত্ৰিপুৰা সীমান্তত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ

কৰিমগঞ্জত মাদক বিৰোধী অভিযান যিমানেই ক্ষীপ্ৰ হৈ পৰিছে , সিমানেই নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী চক্ৰই ন ন পন্থা অৱলম্বন কৰি নিচা জাতীয় সামগ্ৰী সৰবৰাহ কৰিবলৈ লৈছে ।

কৰিমগঞ্জ , ২৪ জুন: অসম-ত্ৰিপুৰা সীমান্তত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই এখন গেছ চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাকৰ পৰা 35 হাজাৰ ইয়াবা (নিচা জাতীয়) টেবলেট জব্দ কৰে । ত্ৰিপুৰা সংযোগী চান্দখিৰা কাঠলতলী বিকল্প ৰাষ্ট্ৰীয় ঘাইপথটোৰে ট্ৰাকখনে ত্ৰিপুৰাত প্ৰৱেশ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন ।

অসম-ত্ৰিপুৰা সীমান্তত বৃহৎ পৰিমানৰ নিতা জাতীয় টেবলেট জব্দ

কৰিমগঞ্জত মাদকদ্ৰৱ্য বিৰোধী অভিযান যিমানেই ক্ষীপ্ৰ হৈ পৰিছে, সিমানেই নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী চক্ৰই ন ন পন্থা অৱলম্বন কৰি নিচা জাতীয় সামগ্ৰী সৰবৰাহ কৰিবলৈ লৈছে । তেনে সময়তে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাইছিল । এই অভিযানত আৰক্ষীয়ে এখন ট্ৰাকত তালাচী চলাই ট্ৰাকখনৰ ভিতৰত থকা এটা গোপন কেবিনৰ পৰা 35 হাজাৰ ইয়াবা টেবলেট জব্দ কৰে । এই সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাক খনৰ চালক জমিৰ উদ্দিন আৰু হেণ্ডিমেন বদৰুল হকক গ্ৰেপ্তাৰ কৰে । দুয়োৰে ঘৰ কৰিমগঞ্জ জিলাৰ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত লোহাৰপাৰা গাঁৱত জানিব পৰা মতে চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক খন শিলচৰৰ পৰা ত্ৰিপুৰাৰ তেলিয়ামুৰাৰ অভিমুখে গৈ আছিল । ইপিনে ধৃত লোকদ্বয়ে দিয়া তথ্য অনুসৰি পাথাৰকান্দিৰ পৰা টেবলেটখিনি দহ হাজাৰ টকাৰ বিনিময়ত তেওঁলোকে গাড়ীত তুলিছিল। কিন্তু কোন স্থানত আৰু কোনে টেবলেটখিনি সংগ্ৰহ কৰিব সেয়া তেওঁলোকে জনা নাছিল । উল্লেখ্য যে এই নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী দলটোৰ নেটৱৰ্ক বৰাক উপত্যকাৰ পৰা উত্তৰ ত্ৰিপুৰা লৈকে সক্ৰিয় হৈ আছে। আৰু চক্ৰটোৱে কৰিড'ৰ হিচাপে বাছি লৈছে চান্দখিৰা কাঠলতলী বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ । । বৰ্তমান দুই চালক আৰু হেণ্ডিমেন ত্ৰিপুৰাৰ কদমতলা আৰক্ষীৰ জিম্মাত আছে আৰু দুয়োকে জেৰা অব্যাহত ৰাখিছে ত্ৰিপুৰা আৰক্ষীয়ে ।

Intro:Body:SLUG : HUGE YABA TABLETS SEIZED.


কৰিমগঞ্জত মাদক বিৰোধি অভিযান তীব্ৰতৰ হোৱাৰ লগত সংগতি ৰাখি এইবাৰ ন ন পন্থা অৱলম্বন কৰিব ধৰিছে নিচা সামগ্ৰী সৰবৰাহ কাৰী চক্ৰই । অসম ত্ৰিপুৰা সীমান্তত ত্ৰিপুৰা আৰক্ষীৰ অভিযানত এখন গেছ চিলিন্ডাৰ কঢ়িওৱা ট্ৰাকত তালাচী চলাই গাড়ীৰ ভিতৰৰ এখন গোপন কেভিনৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰিছে 35 হেজাৰ ইয়াবা টেবলেট । TR 01 AH 1910 নম্বৰৰ চিলিন্ডাৰ কঢ়িওৱা ট্ৰাকত অভিযান চলাই এই বৃহত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰা আৰক্ষীয়ে । ত্ৰিপুৰা সংযোগী চান্দখিৰা কাঠলতলী বিকল্প ৰাষ্ট্ৰীয় ঘাইপথেৰে ত্ৰিপুৰাত প্ৰৱেশ কৰাৰ সময়ত আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ট্ৰাকখনত তালাচী চলাইছিল । আৰক্ষীৰ অভিযানত আটক হৈছে ট্ৰাক খনৰ চালক জমিৰ উদ্দিন আৰু হেন্ডিমেন বদৰুল হক । দুৱোৰে ঘৰ কৰিমগঞ্জ জিলাৰ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত লোহাৰপাৰা গাঁওত । চিলিন্ডাৰ কঢ়িওৱা ট্ৰাকখন শিলচৰৰ পৰা ত্ৰিপুৰাৰ ত্ৰিপুৰাৰ তেলিয়ামুৰাৰ উদ্যেশ্যৰে গৈ আছিল । ধৃত চালকে দিয়া তথ্য অনুসৰি পাথাৰকান্দিৰ পৰা টেবলেটখিনি দহ টকাৰ বিনিময়ত তেওঁলোকে গাড়ীত তুলিছিল । কিন্তু কোন স্থানত আৰু কোনে টেবলেটখিনি সংগ্ৰহ কৰিব এয়া তেওঁৰ জনা নাছিল । উল্লেখযোগ্য যেন এই নিচা সামগ্ৰী সৰবৰাহ কাৰী দলটোৰ নেটৱৰ্ক বৰাক উপত্যকাৰ পৰা উত্তৰ ত্ৰিপুৰা লৈকে সক্ৰিয় আছে । আৰু চক্ৰটোৱে কৰিডৰ হিচাপে বাছি লৈছে চান্দখিৰা কাঠলতলী বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ । আৰু এই ঘঠনাই ন ন পন্থাৰে নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ আন এক তথ্য পুহৰলৈ আহিছে । বৰ্তমানে চালক আৰু হেন্ডিমেন ত্ৰিপুৰাৰ কদমতলা আৰক্ষীৰ জিম্মাত আছে । ধৃত দুজনক জেৰা অব্যাহত ৰাখিছে ত্ৰিপুৰা আৰক্ষীয়ে ।Conclusion:
Last Updated :Jun 24, 2019, 3:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.