ETV Bharat / state

কৰিমগঞ্জত বৃহৎ পৰিমাণৰ হিৰ'ইনসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author img

By

Published : Apr 8, 2022, 2:47 PM IST

কৰিমগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । অভিযানৰ মাজতে আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ২৫ কোটি টকাৰ নিষিদ্ধ হেৰ'ইন (Heroin seized in Karimganj)। তিনিটা ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

Heroin
কৰিমগঞ্জত বৃহৎ পৰিমাণৰ হিৰ'ইনসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

কৰিমগঞ্জ, ৮ এপ্ৰিল : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । অসম আৰক্ষীয়ে বিভিন্ন স্থানত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অহৰহ অভিযান চলাই আছে (Assam Police raid against drugs)। কিন্তু আৰক্ষীৰ নাকৰ তলেৰে এতিয়াও ৰাজ্যত ড্ৰাগছৰ সৰবৰাহ হৈ আছে ।

আৰক্ষীৰ চকুত ধুলি দিবলৈ দুষ্টচক্ৰই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰাও দেখা গৈছে । কোনোৱে যদি বাহনৰ চীটৰ তলত লুকুৱাই আনিছে, কোনোৱে বাহনৰ গোপন স্থানত আনিছে নিষিদ্ধ সামগ্ৰী ।কৰিমগঞ্জ জিলাত শেহতীয়াকৈ দেখা গৈছে যে একাংশ দুষ্টচক্ৰই ড্ৰাগছ সৰবৰাহৰ বাবে বিভিন্ন পন্থা হাতত লৈছে ।

Karimganj
কৰিমগঞ্জত বৃহৎ পৰিমাণৰ হিৰ'ইনসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

অৱশ্যে আৰক্ষীৰ কঠোৰ তালাচীত বিফল হৈছে দুষ্টচক্ৰৰ বহু কৌশল । এইবাৰ পুনৰ কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ২৫ কোটি টকাৰ নিষিদ্ধ হেৰ'ইন (Heroin seized in Karimganj)। বৃহস্পতিবাৰে নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষী আৰু ৰামকৃষ্ণনগৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ এই বৃহৎ পৰিমাণৰ হিৰ'ইনখিনি । ঈশানচৰা অঞ্চলত তালাচী চলাই এখন চাৰিচকীয়া বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে হিৰ'ইনখিনি ।

Karimganj
কৰিমগঞ্জত বৃহৎ পৰিমাণৰ হিৰ'ইনসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনিটা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে (3 Drugs peddler arrested at Karimganj)। সৰবৰাহকাৰী কেইটাই চাবোনৰ বাকচত লুকুৱাই আনিছিল হিৰ'ইনখিনি ।

Karimganj
কৰিমগঞ্জত বৃহৎ পৰিমাণৰ হিৰ'ইনসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । বুধবাৰে মৰিগাঁও জিলাৰ কেইবাটাও স্থানত আৰক্ষীয়ে অভিযান চলাই তিনি কোটিৰো অধিক মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । লগতে কেইবাটাও সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । লক্ষণীয়ভাৱে ইয়াৰে জেহিৰুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Encounter in Morigaon: আৰক্ষীৰ গুলিত আহত ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.