ETV Bharat / state

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই উদ্বোধন কৰিলে বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ মূল প্ৰৱেশদ্বাৰ

author img

By

Published : Dec 22, 2020, 9:48 PM IST

বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ মূল প্ৰৱেশদ্বাৰ
বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ মূল প্ৰৱেশদ্বাৰ

কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ মূল প্ৰৱেশদ্বাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই ৷ ২০২১ ৰ নিৰ্বাচনত বিজেপিৰ মিচন ১০০ প্লাছৰ প্ৰতি লক্ষ্য ৰাখি কৰিমগঞ্জত দলটোৱে আয়োজন কৰে বিশাল কাৰ্যনিৰ্বাহক সভাখনৰ ৷

কৰিমগঞ্জ, 22 ডিচেম্বৰ: মঙলবাৰে কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ মূল প্ৰৱেশদ্বাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই ৷ প্ৰৱেশদ্বাৰ উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাজন গোঁহাই, প্ৰশান্ত ফুকনসহ বহুকেইগৰাকী বিধায়ক আৰু দলীয় কৰ্মকৰ্তা ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই উদ্বোধন কৰিলে বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ মূল প্ৰৱেশদ্বাৰ

২০২১ ৰ নিৰ্বাচনত বিজেপিৰ মিচন ১০০ প্লাছৰ প্ৰতি লক্ষ্য ৰাখি কৰিমগঞ্জত দলটোৱে আয়োজন কৰে বিশাল কাৰ্যনিৰ্বাহক সভাখনৰ ৷ য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীকে আদি কৰি প্ৰতিখন জিলাৰ কৰ্মকৰ্তাসকলেও অংশগ্ৰহণ কৰিব ৷ দলীয় কৰ্মকৰ্তাই জানিবলৈ দিয়া অনুসৰি, এই সভাখনৰ পৰাই অহা সমাগত নিৰ্বাচনৰ নীতি-নিৰ্দেশনা প্ৰদান কৰা হ'ব ৷

লগতে পঢ়ক: দুটা বছৰ পূৰ্বে বিশ্বনাথৰ পৰা চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ ক'হিমাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.