ETV Bharat / state

কৰিমগঞ্জত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Jul 18, 2020, 1:49 PM IST

Drugs seized and drugs dealer arrested at Karimganj
কৰিমগঞ্জত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

কৰিমগঞ্জত ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ শনিবাৰে কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীয়ে জব্দ কৰে 19 টা টিউব ড্ৰাগছ আৰু আটক কৰে দুজনকৈ ড্ৰাগছ মাফিয়াক ৷

কৰিমগঞ্জ, 18 জুলাই : কৰ’ণাতংকৰ মাজতে কৰিমগঞ্জ জিলাৰ বিভিন্ন অঞ্চলত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ শনিবাৰে কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীৰ অভিযানত জব্দ হৈছে ড্ৰাগছসহ দুজনকৈ বেপাৰী ৷

উল্লেখ্য যে, মুঠ 19 টা টিউব ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় তাজ উদ্দিন আৰু কলিম উদ্দিন নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 1 লাখ টকা বুলি জানিব পৰা গৈছে ।

কৰিমগঞ্জত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

জানিব পৰা মতে, জিলাখনৰ পাথাৰকান্দি সমষ্টিটোক ড্ৰাগছৰ বেহাৰ ‘চীফ কৰিডৰ’ত পৰিণত কৰিছে ড্ৰাগছ বেপাৰীসকলে ৷ পাথাৰকান্দিৰ পৰা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহ হয় ড্ৰাগছ , ফেনচিডিল, ইয়াবা টেবলেটকে ধৰি বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী ৷

লগতে পঢ়ক : বিগত এমাহে জলমগ্ন ডিব্ৰুগড়ৰ লেজাই-কলাখোৱা অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.