ETV Bharat / state

কৰিমগঞ্জত অৰ্ধনগ্ন যুৱতীৰ মৃতদেহ উদ্ধাৰ: আটক 3

author img

By

Published : Jan 10, 2020, 4:34 PM IST

কৰিমগঞ্জত বিয়াৰ প্ৰলোভনেৰে এগৰাকী যুৱতীৰ হত্যা আৰু ধৰ্ষণৰ লগত জড়িত তিনি অভিযুক্তক আটক কৰে আৰক্ষীয়ে ৷ ঘটনাৰ লগত জড়িত চুমু গাড়ীখনো জব্দ কৰে আৰক্ষীয়ে ৷

DEAD BODY RESCUE IN KARIMGANJ
কৰিমগঞ্জত অৰ্ধনগ্ন যুৱতীৰ মৃতদেহ উদ্ধাৰ: আটক 3

কৰিমগঞ্জ, 10 জানুৱাৰী : কৰিমগঞ্জ জিলাৰ কালিগঞ্জৰ কাকৰা নদীত 5 জানুৱাৰীত বান্ধিথোৱা অৱস্থাত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ অৰ্ধনগ্ন মৃতদেহ । আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখি মৃতদেহটো 3 জানুৱাৰীত কৰিমগঞ্জ জিলাৰ কালিগঞ্জ আৰক্ষী চকীত নিজ জীয়ৰীৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰা চৌকিৰমুখ এজন লোকৰ জীয়ৰীগৰাকী বুলি চিনাক্ত কৰে ৷ আৰক্ষীয়ে মৃতদেহটো চিনাক্তকৰণৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে ।

কৰিমগঞ্জত অৰ্ধনগ্ন যুৱতীৰ মৃতদেহ উদ্ধাৰ: আটক 3

অৱশেষত আৰক্ষীয়ে ঘটনাৰ তদন্তত সাফলতা লাভ কৰি শুকুৰবাৰে চাৰি অভিযুক্তৰ তিনি অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে এই ঘটনা সংঘটিত কৰা MZ 06-1481 নম্বৰৰ চুমু গাড়ীখনো জব্দ কৰে ৷ আটকাধীন অভিয়ুক্তকেইটা ক্ৰমে ফয়জুল মিঞা, ছাদ্দাম হুছেইন আৰু আজমল হুছেইন । আৰক্ষীৰ যুৱককেইজনে যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে । আনহাতে অভিযুক্ত কেইটাই তেওঁলোকৰ মাজৰ ফয়জুল মিঞাই যুৱতীগৰাকীক ভাল পাই বিয়াৰ বাবে পলোৱাই নিয়াৰ সময়ত গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হৈ যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে । ধৃত যুৱককেইজনে ভয়তে যুৱতীগৰাকীৰ মৃতদেহ বান্ধি নৈত পেলাই দিছিল বুলি উল্লেখ কৰে । কিন্তু যুৱককেইজনৰ শৰীৰত কোনো ধৰণৰ আঘাটৰ চিন নথকাত আৰু গাড়ীখনৰো কোনো ক্ষতি নোহোৱালৈ লক্ষ্য কৰি এইয়া এক হত্যাকাণ্ডহে বুলি সন্দেহ কৰিছে ৷

Intro:Body:SLUG: RAPE & MURDER, KARIMGANJ
বিয়াৰ প্ৰলোভন দেখুৱাই এগৰাকি যুবতিক পলাই গৈ ধৰ্ষণ কৰি হত্যা কৰিলে তিনি দুষ্কৃতয় । হত্যা কৰি নাৰকিয়ভাৱে যুবতিৰ মৃতদেহ বস্থাবন্দি কৰি নৈত পেলাই দিয়ে । ঘটনাৰ চাৰিদিন পাছত কুকৰ্মৰ সৈতে জড়িত তিনি নৰপিচাশক আটক কৰে আৰক্ষীয়ে । লগতে জব্দ কৰে কুকৰ্মত ব্যবহাৰ কৰা এখন সুমো গাড়ি । ঘটনা কৰিমগঞ্জ জিলাৰ কালিগঞ্জ এলাকাত ।
কৰিমগঞ্জ জিলাৰ কালিগঞ্জ আৰক্ষী চৌকীত যোৱা ৩ জানুয়াৰি তাৰিখে নিজৰ ছোৱালি নিৰুদ্দেশ হোৱা বুলি এখন এজাহাৰ দিছিলে চৌকিৰমূখ এলাকাৰ এগৰাকি পিতৃয়ে । ৩০ ডিসেম্বৰৰ পৰা ১৮ বছৰিয়া ছোৱালিগৰাকি নিৰুদ্দেশ হৈ আছে বুলি এজাহাৰত উল্লেখ কৰিছিল । ইয়াৰ পাছতেই যোৱা ৫ জানুয়াৰিত এলাকাৰ কাকৰা নৈত বস্থাবন্দি অবস্থাত ৰহস্যজনক বাবে অৰ্ধনগ্ন অবস্থাত এগৰাকি যুবতীৰ মৃতদেহ উদ্ধাৰ হয় । ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি এয়া সেই নিৰুদৃষ্ঠ যুবতি বুলি চিনাক্ত কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিসালয়ত প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰে । তদন্তত সাফল্য লাভ কৰি আজি তিনি দুষ্কৃতকাৰিক কৰয়াত্ব কৰিবলৈ সক্ষম হয় ।লগতে জব্দ কৰে কুকৰ্মত ব্যবহাৰ কৰা MZ06-1481 নম্বৰৰ এখন সুমো গাড়ি । আটকাধীন সকলৰ নাম ফয়জুল মিঞা, ছাদ্দাম হুছেইন আৰু আজমল হুছেইন । আৰক্ষীৰ সন্দেহ এই তিনি গৰাকিয়ে যুবতিজনীক ধৰ্ষণৰ পিছত হত্যা কৰিছে । ইফালে দুষ্কৃতিকেইটায় আন এক কাহানি বনাই লয় । সিহতৰ মতে, ফয়জুল মিঞায় ছোৱালিজনীক ভাল পাই বিয়াৰ বাৱে পলাই লৈ গৈ আছিল । কিন্তু পথত গাড়িখন দুৰ্ঘটনাগ্ৰস্থ হলে যুবতি গৰাকিৰ মৃত্যু ঘটে । ধৃত কেইজনে স্বীকাৰ কৰে, ভয়তে যুবতী গৰাকিৰ মৃতদেহ বস্থাবন্দি কৰি নৈত পেলাই দিছিল তেঁওলোকে । কিন্তু ইমান ডাঙৰ দুৰ্ঘটনা হলে তেঁওলোকৰ কোনও ক্ষতি বা গাড়িৰ কোনও বিশেষ ক্ষতি কিয় হোৱা নাছিল । এয়াই হৈছে ঘটনাৰ মুল ৰহস্য ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.