ETV Bharat / state

বৰাকত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ৰোগীৰ মৃত্যুৰ সংখ্যা

author img

By

Published : Sep 13, 2020, 6:58 PM IST

বৰাক উপত্যকাত দিনক দিনে বৃদ্ধি পোৱা কৰ'ণা আক্ৰান্ত লোকৰ মৃত্যুৰ আঁৰত থকা কেতবোৰ কথা উল্লেখ কৰে এগৰাকী স্বাস্থ্যকৰ্মীয়ে ৷ বৰ্তমানেও কৰ'ণা সম্বন্ধে বৰাক উপত্যকাৰ লোক সজাগ নোহোৱাৰ অভিযোগ তেওঁৰ ৷

বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ৰোগীৰ মৃত্যুৰ সংখ্যা
বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ৰোগীৰ মৃত্যুৰ সংখ্যা

কৰিমগঞ্জ, 13 ছেপ্তেম্বৰ: দিনক দিনে বৰাক উপত্যকাত বৃদ্ধি পাইছে কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ ইতিমধ্যে বৰাক উপত্যকাত 75 গৰাকী লোকলৈ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা ৷

উল্লেখ্য যে, কৰ'ণা আক্ৰান্ত লোকৰ মৃত্যুৰ আঁৰত থকা কেতবোৰ বিষয়ে সংবাদ মাধ্যমযোগে উল্লেখ কৰে কৰিমগঞ্জৰ এগৰাকী স্বাস্থ্যকৰ্মীয়ে ৷ তেওঁলোক উল্লেখ কৰা অনুসৰি, আক্ৰান্ত লোকসকলে সময়তকৈ বহু পলমকৈ চিকিৎসাৰ বাবে অহাৰ ফলত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বৃদ্ধি পাইছে আক্ৰান্ত লোকৰ সংখ্যাও ৷ এনেদৰেই যদি লোকে সচেতনতা অবিহনে চলি থাকে তেন্তে আগন্তুক দিনৰ পৰিস্থিতি ভয়াৱহ হোৱাৰ সম্ভাৱনা অধিক হৈ পৰিছে বুলি উল্লেখ কৰে স্বাস্থ্যকৰ্মী গৰাকীয়ে ৷

বৰাকত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ৰোগীৰ মৃত্যুৰ সংখ্যা

লগতে পঢ়ক: অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.