ETV Bharat / state

বৰাকত 12 আসন লাভ কৰিব কংগ্ৰেছ আৰু ইউডিএফৰ মিত্রজোঁটে

author img

By

Published : Sep 20, 2020, 11:32 AM IST

বৰাক উপত্যকাৰ 15 খন আসনৰ মাজত 12 আসন লাভ কৰিব কংগ্ৰেছ আৰু ইউডিএফৰ মিত্রজোঁটে । শনিবাৰে ৰাতি এক জনসভাত এই মন্তব্য কৰে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই ।

বৰাকত 12 আসন লাভ কৰিব কংগ্ৰেছ আৰু ইউডিএফৰ মিত্রজোঁটে
MLA North Karimganj Kamalakha Dey Purkayastha

কৰিমগঞ্জ, 20 ছেপ্টেম্বৰ : ক’ভিড মহামাৰীৰ সংহাৰৰ মাজতে ক্ৰমাৎ চমু চাপি আহিছে ৰাজ্যৰ 2021ৰ বিধানসভা নিৰ্বাচন ৷ ৰাজ্যত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰতি ৰাইজৰ মোহভংগ হোৱাৰ সময়তে ৰাজ্যত একাধিক নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ উত্থান ঘটিছে ৷ এনে অৱস্থাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলসমূহেও নিজৰ ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : বিটিচিৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিব লাগিব: মন্ত্ৰী পীযুষ হাজৰিকা

এনে অৱস্থাত বিশেষকৈ চৰ্চালৈ আহিছে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা ৷ দুয়োটা দলৰ মিত্ৰজোঁটক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে বৰাকৰ শক্তিশালী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ এক মন্তব্যই ৰাজনৈতিক মহলত অধিক খলকনিৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : ভবানীপুৰ শ্বহীদ ভৱনত প্ৰতিষ্ঠা হ'ব শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তি

শনিবাৰে নিশাৰ ভাগত কৰিমগঞ্জত হোৱা এখন সভাত উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়কগৰাকীয়ে মিত্ৰজোঁট সন্দৰ্ভত এক মন্তব্য কৰে ৷ বিধায়কগৰাকীৰ মতে বৰাক উপত্যকাৰ 15খন আসনৰ মাজত 12খন আসন লাভ কৰিব কংগ্ৰেছ আৰু ইউডিএফৰ মিত্রজোঁটে । বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নিজা সমষ্টিৰ বাষবাড়ি এলেকাত আয়োজিত এক জনসভাত যোগদান কৰি আগন্তুক নিৰ্বাচনক লৈ এই মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

কংগ্ৰেছ আৰু ইউডিএফৰ মিত্রজোঁটে বৰাকত লাভ কৰিব 12খন আসন

উত্তৰ কৰিমগঞ্জ সমষ্টিটো কংগ্রেছৰ অধীনত থকাৰ ফলতে কৰিমগঞ্জ চহৰত বিজেপি অনেক ক্ষতিগ্ৰস্থ গৈছে বুলি মন্তব্য কৰে । তেওঁ বিজেপিক সমালোচনা কৰি কংগ্ৰেছে কোন ধৰণৰ দুর্নীতি কৰা নাই বুলি কোৱাৰ লগতে যি মানুহে দুৰ্নীতি কৰিছে তেওঁলোকে বিজেপিত যোগদান কৰিছে বুলি কয় । গতিকে বিজেপিয়ে দুৰ্নীতিৰ ভয় দেখুৱাই কোনো লাভ নাই বুলি কয় বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক : ধৰ্মপুৰৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ ইচ্ছা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° শিখৰ কুমাৰ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.