ETV Bharat / state

এটা গড়কাপ্তানি পথক লৈ উঠিছে প্ৰশ্ন; পথ নে পথাৰ ?

author img

By

Published : Jul 26, 2021, 9:04 AM IST

লোক নিৰ্মাণ বিভাগৰ অধীনত ৰূপায়িত আঁচনি সমূহৰ ক্ষেত্ৰত প্ৰায়েই দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠা পৰিলক্ষিত হৈছে ৷ বদৰপুৰত এটা পথে জলা-কলা খুৱাইছে ৰাইজক ৷ এইয়া পথ নে পথাৰ দেখিলে আপুনিও চিন্তা কৰিবলৈ বাধ্য হ’ব ।

bad road condition at Badarpur
বদৰপুৰ আদৰকোনা গড়কাপ্তানী পথ নিৰ্মাণত দুৰ্নীতি

বদৰপুৰ আদৰকোনা গড়কাপ্তানী পথ নিৰ্মাণত দুৰ্নীতি

কৰিমগঞ্জ, 25 জুলাই : কৰিমগঞ্জ জিলাৰ বদৰপুৰ আদৰকোনা গড়কাপ্তানি পথটো দেখিলে আপোনাৰ চকু কপালত উঠিব ৷ এইয়া পথ নে পথাৰ দেখিলে আপুনিও চিন্তা কৰিবলৈ বাধ্য হ’ব । এই পথটোৰ বাবেই এতিয়া হাৰাশাস্তিৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ৷ পথটো নিৰ্মাণৰ নামত পুঁজি আৱন্টন দিয়া হৈছে যদিও বৰ্তমানলৈ সম্পূৰ্ণ হৈ নুঠিল পথটো ৷

পথটো নিৰ্মাণৰ নামত ঠিকাদাৰে তথা নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰে লুন্ঠন চলোৱা অভিযোগ কৰিছে স্থানীয় লোকে ৷ চৰকাৰী নীতি-নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ কৰি পাথৰৰ বিপৰীতে মাটি ভৰাই নিৰ্মাণ কৰি ঠিকাদাৰে । পথৰ দুয়োকাষে কৰা হোৱা নাই নলা নিৰ্মাণৰ কাম ।

লগতে পঢ়ক : এটুপি বিশুদ্ধ খোৱা পানী যেন অলিক কল্পনা এওঁলোকৰ বাবে !

কালভাৰ্টৰ কামো অতি নিম্নমানৰ । ফলত বৰ্তমান বৰষুণৰ বাবে ১৮ কিলোমিটাৰ পথৰ ওপৰত বোকা পানী ভৰি পৰিছে । যান-বাহন চলাচলতো বহু অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোক ।

দক্ষিণ বদৰপুৰৰ প্ৰায় পঞ্চাশ হেজাৰ মানুহৰ যাতায়াতৰ একমাত্ৰ ভৰষা এই পথটো । বদৰপুৰৰ বিধায়ক আব্দুল আজিজেও পথটো নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিৰ হৈয়েই থাকিল ৷ বৰ্তমানলৈ নিৰ্মাণ নহ’ল পথটো ৷ যাৰবাবে এতিয়া পথটো দেখিলে প্ৰশ্ন হয়, এইয়া পথ নে পথাৰ ৷

লগতে পঢ়ক : পানীৰ বাবে খেতি কৰিব নোৱাৰা খৰাং অঞ্চলক চৰকাৰে দিব সাহাৰ্য

কেৱল বদৰপুৰতেই নহয়, ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া চৰকাৰী আঁচনিৰ নামত আৱন্টিত ধনৰ একাংশই অপব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ৷ বিশেষকৈ লোক নিৰ্মাণ বিভাগৰ অধীনত ৰূপায়িত আঁচনি সমূহৰ ক্ষেত্ৰত প্ৰায়েই দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠা পৰিলক্ষিত হৈছে ৷ লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবোৰ বেমেজালি ঠিক কৰিব পাৰিব নে ? এই প্ৰশ্ন হয়তো বহুতেই কৰিব ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে সীমান্ত সমস্যাক গুৰুত্ব সহকাৰে লৈছে : কৰিম উদ্দিন বৰভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.