ETV Bharat / state

খটখটিত যাত্ৰীবাহী বাছত মহিলা যাত্ৰীৰ পৰা জব্দ সন্দেহযুক্ত হেৰ'ইন

author img

By

Published : Mar 24, 2022, 4:46 PM IST

suspected heroin seized at khotkhoti
খটখটিত যাত্ৰীবাহী বাছত মহিলা যাত্ৰীৰ পৰা জব্দ সন্দেহযুক্ত হেৰ'ইন

অব্যাহত ড্ৰাগছৰ অবাধ সৰবৰাহ, অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । পুনৰ নাগালেণ্ডৰ পৰা কাৰ্বি আংলঙত প্ৰৱেশ কৰা যাত্ৰীাবাহী বাছত মহিলাৰ পৰা জব্দ নিষিদ্ধ হেৰ'ইন (Drug seized from bus in Karbi anglang) ।

ডিফু, ২৪ মাৰ্চ: আৰক্ষীৰ তীব্ৰ অভিযানৰ পাছতো ৰাজ্যত অব্য়াহত ড্ৰাগছ অবাধ সৰবৰাহ । চুবুৰীয়া ৰাজ্যসমূহৰ পৰা অবাধে ৰাজ্যলৈ আহি আছে ড্ৰাগছ(Drug trafficking from neighbouring states) । বৰ্তমান চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা কাৰ্বি আংলঙত প্ৰৱেশ কৰা যাত্ৰীবাহী বাছ সমূহৰ পৰা সঘনাই নিচাযুক্ত ড্ৰাগছ উদ্ধাৰ হোৱা পৰিলক্ষিত হৈছে ৷

suspected heroin seized at khotkhoti
ড্ৰাগছসহ গ্ৰেপ্তাৰ মহিলাক

বৃহস্পতিবাৰে এক গোপন খবৰৰ ভিত্তিত খটখটী থানাৰ অ'চি ৰাজু দুৱৰাৰ নেতৃত্বত উপ পৰিদৰ্শক আতিকুৰ ৰহমান আৰু সংগীয় ষ্টাফৰ সহযোগত খটখটী দৈনিক বজাৰৰ ওচৰত এক নাকা অভিযান চলায় ৷ অভিযান কালত ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখে গৈ থকা AS02AC2056 নম্বৰৰ এখন আলট্ৰা বাছত তন্নকে তন্নকৈ তালাচী চলায় এগৰাকী মহিলাৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছ ।

জব্দ কৰে ৫ টা চাবোনৰ বাকচত ৬১'৩৯ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন ৷ হেৰ'ইন খিনিৰ সৈতে এগৰাকী শিশু কণ্যা সহ ধৃত মহিলা গৰাকী নগাওঁ জিলাৰ উলুৱনি থানাৰ অন্তৰ্গত ৩নং চুলুং বৰঘুলিৰ গাঁৱৰ আব্দুল বাৰেকৰ পত্নী মমতাজ বেগম বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

লগতে পঢ়ক: Bapeta Advocate Murder Case : দহ দিনৰ আৰক্ষীৰ জিম্মাত দুই অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.