ETV Bharat / state

Bapeta Advocate Murder Case : দহ দিনৰ আৰক্ষীৰ জিম্মাত দুই অভিযুক্ত

author img

By

Published : Mar 24, 2022, 12:45 PM IST

ৰিণিমা বেগমৰ হত্যাকাণ্ডৰ অনুসন্ধান অব্যাহত (Advocate murder in Barpeta) ৷ উক্ত হত্যাকাণ্ডত ব্যৱহাৰ কৰা সামগ্ৰী তথা চোকা অস্ত্ৰৰ সন্ধানত আৰক্ষীয়ে বুধবাৰে অনুসন্ধান চলাই বিলৰটাৰী হাটীৰ সমীপৰ মৰানদীৰ পাৰত ৷ বৰপেটা-ভেল্লা সংযোগী পথৰ কাষতে থকা এই নদীৰ পাৰৰ পৰা কোনো ধৰণৰ তেনে সামগ্ৰী উদ্ধাৰত ব্যৰ্থ হয় আৰক্ষীৰ দলটো ৷

two-accused-involved-in-rinima-begums-murder-remanded-to-police-custody-for-10-days
বৰপেটাৰ যুৱতী অধিবক্তা ৰিণিমা বেগমৰ হত্যাকাণ্ড

বৰপেটা, 24 মাৰ্চ: বৰপেটাৰ যুৱতী অধিবক্তা ৰিণিমা বেগমৰ হত্যাকাণ্ডৰ (Advocate murder in Barpeta) অনুসন্ধান অব্যাহত ৷ জিলাখনৰ বিলৰটাৰী হাটীত সোমবাৰে সন্ধিয়া ৰাজপথৰ ওপৰতে ৰিণিমা বেগম নামৰ যুৱতী অধিবক্তাগৰাকীক হত্যা (Advocate Rinima Begum murder Case)কৰে তিনিজনকৈ দুৰ্বৃত্তই ৷ উক্ত হত্যাকাণ্ডত ব্যৱহাৰ কৰা সামগ্ৰী তথা চোকা অস্ত্ৰৰ সন্ধানত আৰক্ষীয়ে বুধবাৰে অনুসন্ধান চলাই বিলৰটাৰী হাটীৰ সমীপৰ মৰানদীৰ পাৰত ৷

বৰপেটা-ভেল্লা সংযোগী পথৰ কাষতে থকা এই নদীৰ পাৰৰ পৰা কোনো ধৰণৰ তেনে সামগ্ৰী উদ্ধাৰত ব্যৰ্থ হয় আৰক্ষীৰ দলটো ৷ বিশেষকৈ নিশাৰ এন্ধাৰৰ বাবে অনুসন্ধান চলোৱাত ব্যৰ্থ হয় অভিযানকাৰী দলটো ৷ অৱশ্যে বৃহস্পতিবাৰে পুৱাৰ ভাগত পুনৰায় আৰক্ষীয়ে উক্ত স্থানত অনুসন্ধান চলোৱাৰ সম্ভাৱনা আছে ৷

ৰিণিমা বেগমৰ হত্যাকাণ্ডৰ অনুসন্ধান অব্যাহত

ইয়াৰ পিছতে আৰক্ষীৰ দলটো উপস্থিত হয় ৰিণিমা হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত আটক হোৱা ডাঃ মকদম আলীৰ বাসগৃহত (Accused of Rinima Begum murder case) ৷ আৰক্ষীৰ দলটোৱে আলীৰ বাসগৃহৰ পৰা জব্দ কৰে এখন খুকুৰি, এখন ডেগাৰ আৰু চাৰিটাকৈ ম’বাইল ফোন ৷ অৱশ্যে এইসমূহ সামগ্ৰী যুৱতী অধিবক্তাগৰাকীৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰা হৈছিল নে নাই, সেয়া ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদনতহে স্পষ্ট হৈ পৰিব ৷

লগতে চাওক: Barpeta advocate murder case: অধিবক্তা ৰিণিমা হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক আটক

ইপিনে বিগত সময়চোৱাত কোন কোন লোকৰ সৈতে মকদম আলীয়ে যোগাযোগ ৰক্ষা কৰিছিল আৰু এনে যোগাযোগৰ আঁৰত ৰিণিমা হত্যাৰ কোনো যোগসূত্ৰ থাকিব পাৰে নেকি, সেই সম্পৰ্কীয় তথ্য উদঘাটনৰ বাবেই আৰক্ষীয়ে ম’বাইল ফোনকেইটা জব্দ কৰা বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ৰিণিমা বেগমৰ হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহত ডাঃ মকদম আলী আৰু জুম্মা নামৰ দুই অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ লগতে ৰিণিমাৰ নিজ ককায়েকৰ পত্নীসহ আন চাৰিজনক লোককো আৰক্ষীয়ে তদন্তৰ খাতিৰত বুধবাৰে কৰায়ত্ত কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আন কেতবোৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ তদন্তৰ সকলো দিশ ঠিকে-ঠাকে থাকিলে দুই-এদিনতে আৰক্ষীয়ে ৰিণিমা বেগমৰ হত্যাকাৰীক চিনাক্ত কৰিবলৈ সক্ষম হ’ব ৷

আনহাতে, ডাঃ মকদম আলী আৰু আব্দুৰ ৰহমান ওৰফে জুম্মাক বুধবাৰে বৰপেটাৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে দুয়োকে ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ৷

লগতে চাওক: Bapeta Advocate Murder Case: অধিবক্তা ৰিনিমা বেগম হত্যাকাণ্ডৰ দুই অভিযুক্তক আদালতত হাজিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.