ETV Bharat / state

পুনৰ ৰক্তাক্ত কাৰ্বি ভূমি: সন্দেহযুক্ত ডিএনএলএৰ গুলিত নিহত এজন

author img

By

Published : May 20, 2021, 9:57 AM IST

Updated : May 20, 2021, 10:43 AM IST

suspected dnla killed one person at dhansiri
সন্দেহযুক্ত ডিএনএলএৰ গুলিত এজন নিহত

বুধবাৰে নিশা ধনশিৰি দাউজিফাঙৰ নিবাসী সঞ্জয় ৰংহাং নামৰ লোকজনক পদূলিমুখতে গুলীয়াই হত্যা কৰে সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীয়ে ৷ পৰৱৰ্তী সময়ত অসম-নাগালেণ্ড সীমান্তত উগ্ৰপন্থীৰে ভয়ংকৰ সংঘৰ্ষ ৷

ডিফু,20 মে’: অসম-নাগালেণ্ড সীমান্তত এতিয়া অস্ত্ৰৰ জনজননি ৷ পুনৰ ৰক্তাক্ত হ’ল কাৰ্বি ভূমি ৷ বুধবাৰে নিশা সন্দেহজনক ডিএনএলএ উগ্ৰপন্থীৰ গুলীত নিহত হয় এজন লোক ৷

প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে নিশাৰ ভাগত ধনশিৰি দাউজিফাঙৰ সঞ্জয় ৰংহাং নামৰ লোকজনৰ ঘৰত 5-6 জনীয়া সন্দেহযুক্ত উগ্ৰপন্থীৰ দল এটাই অনাধিকাৰভাৱে প্ৰৱেশ কৰি সঞ্জয়ক ঘৰৰ পৰা বাহিৰলৈ মাতি নি পদূলিমুখত গুলীয়াই হত্যা কৰে ৷

ঘটনাৰ সম্ভেদ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসকল ৷ ইয়াৰ পাচতে আৰক্ষীৰ অভিযানত ধনশিৰিৰ অসম-নাগালেণ্ড সীমান্তত উগ্ৰপন্থীৰে ভয়ংকৰ সংঘৰ্ষত লিপ্ত হয় আৰক্ষী ৷ সীমান্তৰ দুটাকৈ স্থানত আৰক্ষী আৰু উগ্ৰপন্থী দলৰ মাজত সংঘটিত হয় এই সংঘৰ্ষ ৷

সন্দেহযুক্ত ডিএনএলএৰ গুলিত নিহত ব্যক্তি

এই সংঘৰ্ষত এজন উগ্ৰপন্থী আহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ কিন্তু কি কাৰণত সঞ্জয় ৰংহাঙক হত্যা কৰা হ’ল সেই সন্দৰ্ভত বৰ্তমানেও কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে ৷

সম্প্ৰতি এই ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে আৰক্ষীয়ে অব্যাহত ৰাখিছে ডিএনএলএৰ বিৰুদ্ধে অভিযান ৷ বিগত 15 মে’ত অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰি পথত এজন যুৱকক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ পাচতে পুনৰ আন এজন লোক উগ্ৰপন্থীৰ গুলীত নিহত হোৱা কাৰ্যই অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ উত্তেজনাৰ ৷

লগতে পঢ়ক: গোৱালপাৰাত জব্দ ন লাখ টকাৰ হেৰোইনৰ আৰু জালনোট

Last Updated :May 20, 2021, 10:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.