ETV Bharat / state

যষ্ঠ অনুসূচী সন্দর্ভত আয়োজিত এক আলোচনাচক্ৰক লৈ দুভাগত বিভক্ত কাৰ্বি আংলং

author img

By

Published : Nov 13, 2021, 10:55 PM IST

seminar on six schedule of indian constitution in diphu
যষ্ঠ অনুসূচী সন্দর্ভত আয়োজিত এক আলোচনাচক্ৰক লৈ দুভাগত বিভক্ত কাৰ্বি আংলং

অন্যতম ৰাজনৈতিক দাবী হিচাপে পৰিগণিত হৈ অহা ভাৰতীয় সংবিধানৰ যষ্ঠ অনুসূচী সন্দর্ভত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত দেওবাৰে ডিফুত দিনজোৰা কার্যসূচীৰে এক বিশেষ আলােচনা চক্রৰ আয়ােজন কৰা হৈছে ৷ কিন্তু আলােচনা চক্রখনক কেন্দ্র কৰি বিভিন্ন বাদ-বিবাদ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে পাহাৰীয়া জিলাখনত ৷

ডিফু, ১৩ নৱেম্বৰ : অসমৰ পাহাৰীয়া জিলাকেইখনৰ অন্যতম ৰাজনৈতিক দাবী হিচাপে পৰিগণিত হৈ অহা ভাৰতীয় সংবিধানৰ যষ্ঠ অনুসূচী সন্দর্ভত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত দেওবাৰে ডিফুত দিনজোৰা কার্যসূচীৰে এক বিশেষ আলােচনা চক্রৰ আয়ােজন কৰা হৈছে ৷ কিন্তু আলােচনা চক্রখনক কেন্দ্র কৰি বিভিন্ন বাদ-বিবাদ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে পাহাৰীয়া জিলাখনত ৷

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া আলােচনাচক্রত ভাৰ্চুৱেল উদ্বোধনী ভাষণ দিব দেশৰ উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে ৷ লক্ষণীয় যে, উক্ত আলােচনাত ডিফুৰ একাংশ বিৰোধী দল-সংগঠনৰ নেতৃত্বই বিভিন্ন অভিযােগ উত্থাপন কৰি অংশগ্রহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

যষ্ঠ অনুসূচী সন্দর্ভত আয়োজিত এক আলোচনাচক্ৰক লৈ দুভাগত বিভক্ত কাৰ্বি আংলং

বিশেষকৈ আলোচনা চক্ৰত নিজা মন্তব্য ৰখাৰ বাবে পর্যাপ্ত সময় নিদিয়াৰ লগতে পলমকৈ নিমন্ত্রণ জনােৱাৰ অভিযােগ তুলি সংশ্লিষ্ট বিৰোধী দল-সংগঠনসমূহে আলােচনাত অংশগ্রহণ নকৰাৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছে । ইয়াৰ পিছতে উক্ত বিৰোধী দল-সংগঠনসমূহৰ বিৰুদ্ধে সমালােচনাত সৰৱ হৈ পৰিছে কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদ ।

লগতে পঢ়ক : Eviction of Lumding Forest: বনাঞ্চল বেদখলকাৰীৰ বিৰুদ্ধে CID ৰ তদন্ত দাবী শিলাদিত্যৰ

ডিফুত এক সংবাদমেলৰ আয়ােজন কৰি পৰিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহি, কার্যবাহী সদস্য অমৰছিং তিচুকে ধৰি পৰিষদৰ কেইবাজনো সদস্যই এ পি এইচ এল চিৰ সভাপতি জন ইংতি কাথাৰকে ধৰি সংশ্লিষ্ট বিৰোধী দল সংগঠনৰ নেতৃত্বক কঠোৰ ভাষাৰে সমালােচনা কৰে । ভাৰতীয় সংবিধানৰ যষ্ঠ অনুসূচীৰ বিশেষজ্ঞ হিচাপে জিলাখনত নিজকে দাবী কৰি অহা একাংশ নেতাৰ স্বৰূপ মুকলি হােৱাৰ আশংকাতে বিষয়টোক অন্য দিশে নিয়াৰ যড়যন্ত্র ৰচনা কৰা হৈছে বুলি অভিযোগ কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সদস্য সকলে ৷

পৰিষদৰ সদস্য সকলে সংবাদমেলত কয়, ভাৰতীয় ষষ্ঠ অনুসূচীৰ সন্দর্ভত সৰ্বিশেষ আলােচনাৰ বাবে এখন উপযুক্ত মঞ্চত আলােচনা কৰাৰ সুযােগ পােৱাৰ পিছতো এই সুযােগ গ্রহণ নকৰি ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে একাংশ বিৰোধী দল সংগঠনে ৷ আলােচনাচক্র অনুষ্ঠিত হােৱাৰ পূর্বেই সময় কম-বেছিৰ দৰে ওজৰ-আপত্তি দর্শাই আলােচনাচক্রৰ পৰা বিৰত থকাৰ সিদ্ধান্তক কঠোৰ সমালােচনা কৰে পৰিষদ পৰিষদৰ সদস্য সকলে ৷

ইফালে, ডিফু চেম্বার্ছ অব কর্মাছেও এক সংবাদমেল আয়ােজন কৰি উক্ত বিৰোধী দল-সংগঠন সমূহক কঠোৰ ভাষাৰে সমালােচনা কৰে ৷ লগতে জে আই কাঠাৰ, হলিৰাম তেৰাঙৰ দৰে নেতাই কাৰ্বি আংলঙৰ ৰাইজক ষষ্ঠ অনুসূচী সন্দর্ভত ভুল ব্যাখ্যা দাঙি ধৰা বুলি অভিযােগ উত্থাপন কৰে ৷

লগতে পঢ়ক : BTR POLITICS : হঠাৎ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা হাগ্ৰামাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.