ETV Bharat / state

বকলীয়াঘাটত শংকৰদেৱ সংঘৰ প্ৰতিনিধি সভা

author img

By

Published : Jan 24, 2021, 7:25 PM IST

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা সম্পন্ন । আঞ্চলিক শাখাৰ সভাপতি দ্বীপেন বৰবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিনিধি সভাখন ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ প্ৰতিনিধি সভা সম্পন্ন
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ প্ৰতিনিধি সভা সম্পন্ন

ডিফু, ২৪ জানুৱাৰী: নাম-কীৰ্তনৰ ধ্বনিৰে আকাশ-বতাহ নিনোদিত হ'ল কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট । দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বকলীয়াঘাটৰ বকুলতল মাধৱদেৱ প্ৰাথমিক শাখাৰ নামঘৰত অনুষ্ঠিত কৰা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক বাৰ্ষিক প্ৰতিনিধি সভাখনৰ । আঞ্চলিকৰ আটাইকেইটা প্ৰাথমিক শাখাৰ নামঘৰৰ ভকত প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা সভাখনৰ পূৰ্বে পুৱা প্ৰাতঃপ্ৰসংগ, পৰিৱেশ নিকাকৰণ, নাম প্ৰসংগ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ প্ৰতিনিধি সভা সম্পন্ন
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ প্ৰতিনিধি সভা সম্পন্ন

ইয়াৰ পাচতেই নাম-কীৰ্তনকে ধৰি ধৰ্মীয় কাৰ্যসূচীৰ পিছত মূল অধিৱেশনৰ সভাত সভাপতিত্ব কৰে আঞ্চলিক শাখাৰ সভাপতি দ্বীপেন বৰবৰুৱাই । বৰবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত আঞ্চলিক শাখাৰ বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰা হয় । সভাৰ আৰম্ভণিতে মৈত্ৰী মহন্তই বৰগীত আৰু বিদিশা তামুলীয়ে ঝুমুৰা নৃত্য পৰিৱেশন কৰে ।

উল্লেখযোগ্য যে, কৰ'ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক বাৰ্ষিক অধিৱেশনখন অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক:কা বাতিলৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.