ETV Bharat / state

মাঞ্জাত ভয়াবহ পথ দুৰ্ঘটনা:নিহত এজন

author img

By

Published : Feb 9, 2021, 10:26 AM IST

কাৰ্বি আংলং জিলাৰ মাঞ্জাত বালি কঢ়িওৱা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত পতিত হয় দুৰ্ঘটনাত ৷ দুৰ্ঘটনাটোত ট্ৰাকত থকা এজন শ্ৰমিক থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয় ৷

মাঞ্জাত ভয়াবহ পথ দুৰ্ঘটনা:নিহত এজন
মাঞ্জাত ভয়াবহ পথ দুৰ্ঘটনা:নিহত এজন

ডিফু, 9 ফেব্ৰুৱাৰী: কাৰ্বি আংলং জিলাৰ মাঞ্জাত সোমবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ বালি কঢ়িওৱা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, নিশা প্ৰায় 9 বাজি 30 মিনিটত বালি কঢ়িয়াই অনা ট্ৰাকখনে মাঞ্জা থানাৰ অন্তৰ্গত কঁঠাল বাগানত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱাৰ ফলত এজন শ্ৰমিক থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয় ৷

মাঞ্জাত ভয়াবহ পথ দুৰ্ঘটনা:নিহত এজন
মাঞ্জাত ভয়াবহ পথ দুৰ্ঘটনা:নিহত এজন

পথ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত ট্ৰাক শ্ৰমিকজন বকলীয়াঘাট থানাৰ অন্তৰ্গত জিলামচৰাম টেৰণ গাঁৱৰ দৰচিং টেৰণৰ পুত্ৰ দিপেন টেৰণ বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি গুৰুতৰ ভাৱে আহত হোৱা আন দুজন শ্ৰমিক বিশাল সিং আৰু কেৰাণী টকবী বুলি জানিব পৰা গৈছে ৷ দুয়োকে উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা: নিহত 3জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.