ETV Bharat / state

ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা কাৰ্বি আংলঙৰ নিৰ্বাচনী বিষয়া

author img

By

Published : Mar 31, 2021, 7:19 PM IST

ৰাজ্যত বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । বুধবাৰে ই ভি এম সহ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ল কাৰ্বি আংলং জিলাৰ প'লিং আৰু প্ৰিজাইডিং বিষয়াসকল । জিলাখনত দ্বিতীয় পৰ্যায়ত মুঠ ৫০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব ।

ই ভি এমসহ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা কাৰ্বি আংলঙৰ নিৰ্বাচনী বিষয়া
ই ভি এমসহ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা কাৰ্বি আংলঙৰ নিৰ্বাচনী বিষয়া

ডিফু, ৩১ মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে কাৰ্বি আংলং জিলা প্ৰশাসনে ৷ ডিফু নিৰ্বাচনী জিলাৰ অধীনস্থ ১৮ নং হাওৰাঘাট (জনজাতি) বিধানসভা সমষ্টি আৰু ১৯ নং ডিফু (জনজাতি) বিধানসভা সমষ্টিৰ বাবে যোৱা ৩০ মাৰ্চত জিলাখনৰ ২৪০ কিলোমিটাৰ দূৰত্বৰ দুৰ্গম আৰু ভিতৰুৱা অঞ্চলৰ ভোটকেন্দ্ৰ সমূহত উপস্থিত হৈছিলগৈ প'লিং বিষয়া আৰু প্ৰিজাইডিং বিষয়াসকল ।

ই ভি এমসহ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা কাৰ্বি আংলঙৰ নিৰ্বাচনী বিষয়া
ই ভি এমসহ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা কাৰ্বি আংলঙৰ নিৰ্বাচনী বিষয়া

ই ভি এম আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ লৈ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় বিষয়াসকল ৷ জিলাখনৰ নিৰ্বাচনী বিষয়া জিণ্টু বৰাই জনোৱা মতে প্ৰথম পৰ্যায়ত মুঠ ৪৪টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ১৮ নং হাওৰাঘাট সমষ্টিত ৩৩টা আৰু ১৯ নং ডিফু বিধানসভা সমষ্টিৰ ১১টা ভোটগ্ৰহণ কেন্দ্ৰত পৰ্যাপ্ত নিৰাপত্তাৰক্ষীসহ প'লিং আৰু প্ৰিজাইডিং বিষয়াসকল উপস্থিত হয় ।

ই ভি এমসহ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা কাৰ্বি আংলঙৰ নিৰ্বাচনী বিষয়া
ই ভি এমসহ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা কাৰ্বি আংলঙৰ নিৰ্বাচনী বিষয়া

বুধবাৰে বাকী ৪৫৬টা ভোটকেন্দ্ৰলৈ প'লিং আৰু প্ৰিজাইডিং বিষয়াসকল ৰাওনা হয় ৷ ক'ভিড প্ৰটকলৰ মানি ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিছে বিষয়াগৰাকীয়ে ৷

ই ভি এমসহ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা কাৰ্বি আংলঙৰ নিৰ্বাচনী বিষয়া
ই ভি এমসহ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা কাৰ্বি আংলঙৰ নিৰ্বাচনী বিষয়া

আনহাতে, বতৰে বিধি-পথালি দিয়া স্বত্বেও মঙলবাৰে বোকাজান নিৰ্বাচনী জিলাৰ ১৭ নং বোকাজান (জনজাতি) বিধানসভা সমষ্টিৰ ৬৭টা ভোটকেন্দ্ৰত প'লিং আৰু প্ৰিজাইডিং বিষয়াসকল উপস্থিত হৈছে বুলি জানিবলৈ দিছে মহকুমাধিপতি বিবেক শ্যামে ৷

২২৮টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ১৭টা কেন্দ্ৰ মহিলা প'লিং বিষয়াৰ দ্বাৰা পৰিচালিত হোৱাৰ লগতে ৪টা ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে স্থাপন কৰা হৈছে বুলিও বোকাজানৰ মহকুমাধিপতিগৰাকীয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক:শ্ৰীৰামপুৰত চিআৰপিএফৰ জোৱানৰ ৰহস্যজনক আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.