ETV Bharat / state

Assam State Commission for Women: ডিফুত ৰাজ্যিক মহিলা আয়োগৰ দল

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 10:45 PM IST

প্ৰতিখন জিলাত তৃণমূল পৰ্যায়ত মহিলাৰ নিৰাপত্তাৰ স্বাৰ্থত ডিফুত ৰাজ্যিক মহিলা আয়োগে সম্বোধন কৰে এক সংবাদমেলৰ । দুদিনীয়া কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলা ভ্ৰমণ কৰি মহিলাৰ নিৰাপত্তাৰ দিশটোৰ আলোচনা কৰে ৰাজ্যিক মহিলা আয়োগৰ দলটোৱে ।

PC of State Commission for Women in Diphu
ডিফুত ৰাজ্যিক মহিলা আয়োগৰ সংবাদমেল

ডিফুত ৰাজ্যিক মহিলা আয়োগৰ সংবাদমেল

ডিফু,১৭ অক্টোবৰ: প্ৰতিখন জিলাত তৃণমূল পৰ্যায়ত মহিলাৰ নিৰাপত্তাৰ স্বাৰ্থত মঙলবাৰে ডিফুত ৰাজ্যিক মহিলা আয়োগে এক সংবাদমেলৰ আয়োজন কৰে ৷ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ড৹ হেমপ্ৰভা বৰঠাকুৰ, সদস্য মামণি বৰা আৰু কৰবী দাসসহ এটা দলে দুদিনীয়াকৈ পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলা ভ্ৰমণ কৰি মহিলাৰ নিৰাপত্তাৰ দিশটোৰ আলোচনা কৰে । সোমবাৰে পুৱা দলটো পশ্চিম কাৰ্বি আংলং জিলাত উপস্থিত হৈ জিলা প্ৰশাসনৰ লগত আলোচনাত মিলিত হয় ৷

সন্ধিয়া ডিফুত আহি উপস্থিত হোৱা দলটোৱে ডিফুৰ বিভিন্ন মহিলা সংগঠনৰ লগত মহিলা নিৰ্যাতন, মহিলাৰ সুৰক্ষা, মহিলাৰ অধিকাৰ বিষয়ক লৈ আলোচনা কৰে ৷ মঙলবাৰে পুৱা কাৰ্বি আংলং জিলাৰ খণ্ড উন্নয়ন বিষয়াসকলৰ লগত এক আলোচনাত মিলিত হৈ মহিলা আয়োগৰ খণ্ড উন্নয়ন পৰ্যায়ৰ সমিতি গঠনৰ নিৰ্দেশ দিয়ে ৷ জিলা আয়ুক্তৰ অধীনত জিলা সমিতি আছে যদিও এতিয়াৰে পৰা মহিলাৰ সুৰক্ষা অধিক সুনিশ্চিত কৰাৰ বাবে খণ্ড উন্নয়ন পৰ্যায়ত সমিতি গঠনৰ সিদ্ধান্ত লৈছে ৷

মঙলবাৰে দুপৰীয়া অৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ১৬ খন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক লৈ মহিলা সংক্ৰান্তীয় গোচৰ, মহিলা-যুৱতী নিৰুদ্দেশৰ গোচৰ আৰু ঘটনাক লৈ দলটোৱে আলোচনা কৰে ৷ বিয়লি ডিফু আৰ্বত ভৱনৰ প্ৰেক্ষাগৃহত মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰে ৷ জিলা আয়ুক্ত মধুমিতা ভাগৱতীও উপস্থিত থকা সংবাদমেলত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ হেমপ্ৰভা বৰঠাকুৰে কয় যে ইয়াত বাল্য বিবাহ, মানৱ সৰবৰাহৰ দুই এটা গোচৰ আছে যদিও ডিফুৰ কাৰাগাৰত এগৰাকীও মহিলা কয়দী নাই ৷

মহিলা আয়োগে যে কেৱল পাৰাবাৰিক কন্দলৰে গোচৰ বিচাৰ কৰে তেনে নহয় ৷ দুখীয়া মহিলাই চৰকাৰী আঁচনিৰ সুবিধা পাইছেনে নাই তাৰ প্ৰতিও চকু ৰাখে ৷ একেদৰে ৰাজনীতিত জড়িত মহিলাসকল কিবা অসুবিধাত পৰিছে নেকি তাৰো খবৰ ৰাখে আয়োগে ৷ সংবাদমেলত সাংবাদিকে এ চি এছ বিষয়া মুকুল কাথাৰৰ পত্নীয়ে দিয়া গোচৰটোৰ কি হ'ল জানিব বিচৰাত সেই সন্দৰ্ভতো মন্তব্য আগবঢ়ায় ৷

আয়োগৰ অধ্যক্ষগৰাকীয়ে সেই গোচৰটোত দুবাৰ সাক্ষ্যগ্ৰহণ কৰি শুনানি লোৱা হৈছে বুলি জনায় ৷ তেওঁ কয় আয়োগে যে কেৱল পুৰুষকে দোষী কৰে তেনে নহয় ৷ বিচাৰত দোষী সাব্যস্ত হ'লে মহিলাৰো শাস্তি হয় ৷

লগতে পঢ়ক: Zumba Fitness Centre: জুম্বা ফিটনেচ চেন্টাৰৰ জৰিয়তে মহিলাৰ শাৰিৰীক-মানসিক উৎকৰ্ষ সাধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.