ETV Bharat / state

All Party Meeting on Karbi Peace Accord : কাৰ্বি শান্তি-চুক্তি সন্দৰ্ভত ডিফুত সৰ্বদলীয় বৈঠক

author img

By

Published : Jan 25, 2022, 1:37 PM IST

কাৰ্বি শান্তি-চুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সোমবাৰে ডিফুত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈ যায় ৷ 2021 বৰ্ষৰ 4 ছেপ্তেম্বৰত নতুন দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে অস্ত্ৰবিৰতি ঘোষণা কৰা কাৰ্বি আংলঙৰ ছটাকৈ উগ্ৰপন্থী সংগঠনৰ শান্তি-চুক্তি স্বাক্ষৰৰ পিছৰ পৰাই কেইবাটাও দল-সংগঠনে চুক্তিখনৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে (All Party Meeting on Karbi Peace Accord) ৷

Party Meeting Regarding Karbi Peace Agreement
কাৰ্বি শান্তি-চুক্তি সন্দৰ্ভত ডিফুত সৰ্বদলীয় বৈঠক

ডিফু, ২5 জানুৱাৰীঃ সোমবাৰে ডিফু নগৰস্থিত ডিফু ক্লাৱত "জইন্ট কো-অৰ্ডিনেছন কমিটি ফৰ প্ৰটেকছন অৱ অট'নমি" চমুকৈ জেচিচিপিএ ৰ উদ্যোগত কাৰ্বি শান্তি-চুক্তিৰ ২'৩ নং দফা সন্দৰ্ভত এখনি বৈঠক অনুষ্ঠিত হৈ যায় ৷ কেইবাটাও দল-সংগঠনেৰে হোৱা যুটীয়া বৈঠকৰ অন্তত 2021 চনৰ 4 ছেপ্তেম্বৰত হোৱা শান্তি চুক্তি কোনো পধ্যে মানি নলয় বুলি ঐক্যমত পোষণ কৰে সকলোৱে (Organisations opposing karbi peace agreement) ৷

ভাৰতীয় সংবিধানৰ ২৪৪(ক)অনুচ্ছেদৰ অধীন অসমৰ ভিতৰত এখন স্বায়ত্তৰাজ্য গঠনেই একমাত্ৰ গ্ৰহণযোগ্য সমাধান বুলি উল্লেখ কৰি শান্তিচুক্তিত কেতবোৰ দফা সংযোগ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বায়ত্তশাসনৰ ক্ষমতাক হেয় কৰাৰ লগতে দুয়োখন পাহাৰীয়া জিলাৰ জনজাতীয় লোকসকলৰ সাংবিধানিক সুৰক্ষাক নিঃশেষ কৰাৰ চেষ্টা চলোৱা বুলি মন্তব্য কৰে দল-সংগঠনৰ বিষয়ববীয়া সকলে ৷

এনে পদক্ষেপ সংবিধানৰ ষষ্ঠ অনুসূচীৰ বিৰোধী বুলি মন্তব্য কৰি চুক্তিখনৰ ২'১, ২'২ ,২'৩, ২'৯ আৰু ২'১১ দফা গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে কাৰ্বি শান্তি-চুক্তিৰ বিৰোধিতা কৰা সকলে ৷ সেয়েহে সৰ্বদলীয় সভাখনত প্ৰতিনিধিৰ দলে এই দফা সমূহ সন্দৰ্ভত বিশেষকৈ চুক্তিখনৰ ২'৩ নং দফা সন্দৰ্ভত বিস্তৃত আলোচনাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক আহ্বান জনোৱাৰ সিদ্ধান্ত লয় ৷ পৰৱৰ্তী পৰ্যায়ত মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত বিষয়টো উত্থাপনৰ বাবে সৰ্বদলীয় প্ৰতিনিধি দল যোৱাৰ কথাও উল্লেথ কৰা হয় সভাখনত ৷

লগতে পঢ়ক : Assam Police constable Recruitment : পুনৰ বিৰ্তকৰ মাজত অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.