ETV Bharat / state

বোকাজানত অস্ত্ৰ-শস্ত্ৰসহ এজনক আটক

author img

By

Published : Jan 5, 2021, 12:37 PM IST

বোকাজানৰ অসম-নগালেণ্ড সীমান্তৰ বালিজানত হস্ত নিৰ্মিত বন্দুক জব্দ
বোকাজানৰ অসম-নগালেণ্ড সীমান্তৰ বালিজানত হস্ত নিৰ্মিত বন্দুক জব্দ

বোকাজানৰ অসম-নগালেণ্ড সীমান্তৰ বালিজানত হস্ত নিৰ্মিত বন্দুক জব্দ । এখন অট'ৰিক্সাত তালাচী চলাই এটা পইণ্ট ২২ বন্দুক, এটা মেগজিন আৰু পইণ্ট ২২ এম এমৰ তিনি জাঁই গুলী জব্দ কৰে আৰক্ষীয়ে । নেইলাচ আও নামৰ এজন লোক আটক ।

ডিফু, ৫ জানুৱাৰী: বোকাজানৰ অসম-নগালেণ্ড সীমান্তত অস্ত্ৰ-শস্ত্ৰসহ এজন লোকক আটক কৰে আৰক্ষীয়ে । অসম-নগালেণ্ড সীমান্তৰ বালিজানত সোমবাৰে বিয়লি আৰক্ষীয়ে অভিযান চলাই এটা পইণ্ট ২২ বন্দুক, এটা মেগজিন আৰু পইণ্ট ২২ এম এমৰ তিনি জাঁই গুলী জব্দ কৰে । এখন অট'ৰিক্সাৰ পৰা আৰক্ষীয়ে এই অস্ত্ৰখিনি জব্দ কৰে । বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত অভিযান চলায় খটখটী আৰক্ষীৰ এটা দলে ।

বোকাজানত অস্ত্ৰ-শস্ত্ৰসহ নেইলাচ আও নামৰ এজন লোক আটক
বোকাজানত অস্ত্ৰ-শস্ত্ৰসহ নেইলাচ আও নামৰ এজন লোক আটক

অস্ত্ৰ-শস্ত্ৰসহ এজন লোককো আৰক্ষীয়ে আটক কৰে । ধৃত লোকজন নাগালেণ্ডৰ কহিমাৰ নেইলাচ আও । বৰ্তমান খটখটী আৰক্ষীয়ে ধৃত লোকজনৰ জেৰা অব্যাহত ৰাখিছে । আনহাতে, অট'ৰিক্সাৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে বালিজান অঞ্চলত ।

লগতে পঢ়ক:ডিব্ৰুগড় প্ৰশাসনৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.