ETV Bharat / state

ডিফুত তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চল ইতিহাস সংস্থাৰ অধিৱেশন

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 7:09 PM IST

তিনিদিনীয়া কাৰ্যসূচীৰে ডিফুত আৰম্ভ হৈছে উত্তৰ-পূৰ্বাঞ্চল ইতিহাস সংস্থাৰ অধিৱেশন ৷ উক্ত অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় তিনি শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অধিৱেশনৰ শুভ উদ্ধোধন কৰে ৷

North East India History Association
উত্তৰ-পূৰ্বাঞ্চল ইতিহাস সংস্থাৰ অধিৱেশন

উত্তৰ-পূৰ্বাঞ্চল ইতিহাস সংস্থাৰ অধিৱেশন

ডিফু, ২৩ নৱেম্বৰ : ২৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুত আৰম্ভ হৈছে উত্তৰ-পূৰ্বাঞ্চল ইতিহাস সংস্থাৰ ৪২ সংখ্যক অধিৱেশন ৷ ডিফুৰ মাটিপুঙৰ লাংকুং হাবে সোঁৱৰণি টাউন হলত অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত আৰম্ভ হৈছে এই অধিৱেশন ৷

২২ নৱেম্বৰত প্ৰতিনিধি পঞ্জীয়নৰ পাচত আজিৰে পৰা ২৫ নৱেম্বৰলৈ চলিবলগীয়া উক্ত অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় তিনি শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ৷ বৃহস্পতিবাৰে পুৱা ১০ বজাত অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ উপাচাৰ্য প্ৰফেচাৰ শিৱাশীস বিশ্বাসৰ অধ্যক্ষতাত আৰম্ভ হোৱা উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ৪২ সংখ্যক উত্তৰ-পূৰ্বাঞ্চল ইতিহাস সংস্থাৰ অধিৱেশনৰ শুভ উদ্ধোধন কৰে ৷

উক্ত অধিৱেশনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত দে' প্ৰধান সচিব মুকুল কুমাৰ শইকীয়া, পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু সদস্য উপস্থিত থাকে ৷ অধিৱেশনখনৰ পৰিচয় পৰ্ব আগবঢ়ায় প্ৰফেচাৰ এমিনা এন পাচাই ৷ সন্মানীয় অতিথিবৃন্দক সম্বোধন কৰে NEIHAৰ উপদেষ্টা তথা চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ সঞ্চালক ড৹ ধৰমচিং টেৰণে ৷

উদ্ধোধনী অনুষ্ঠানত NEIHA ৰ প্ৰাক্তন অধ্যক্ষ প্ৰফেচাৰ ডেভিড ৰিড, প্ৰাক্তন সদস্য আৰু অসম বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য জে ভট্টাচাৰ্য, NEIHAৰ সভাপতি জ'ৰাম বেংগী, জগদীশলাল দাৱাৰ, সাধাৰণ সম্পাদক এমেনি এন পাচাৰ লগতে NEIHAৰ প্ৰাক্তন সাধাৰণ সম্পাদক অমৰেন্দ্ৰ কুমাৰ ঠাকুৰক NEIHAৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনাই পহ' আৰু প্ৰশস্তি পত্ৰৰে সন্মান জ্ঞাপন কৰা হয় ৷

মুখ্য অতিথিৰ ভাষণত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে কয়, ‘‘ উত্তৰ-পূৰ্বাঞ্চল সংস্থাই অসম বিশ্ববিদ্যালয় ডিফু চৌহদ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক এই মেগা ইভেণ্টক অনুষ্ঠিত কৰিবলৈ দিয়া সুযোগৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ ৷’’

আনহাতে অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীত ৬ টাকৈ শৈক্ষিক বৰ্ষ, কাৰ্যনিৰ্বাহক সভা, সাংস্কৃতিক কাৰ্যসূচী, বিশেষ অধিৱেশনৰ লগতে অন্তিম দিনৰ কাৰ্যসূচীত স্থানীয় অধিৱেশন আৰু বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : নতুন ভূমি নীতি প্ৰত্যাহাৰৰ দাবীত ডিফুত এ এছ ডি চিৰ ধৰ্ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.